NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ৰ কাঠগৰাত উঠিব লাগিব হিমন্ত বিশ্ব শৰ্মা : শীঘ্ৰে শুনানিৰ দিন ধাৰ্য কৰিবলৈ নিৰ্দেশ মুখ্য ন্যায়াধীশৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2026 10:30 am

নিৰ্বাচনৰ প্ৰাকক্ষণত আইনী মেৰপেচত আৱদ্ধ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। এক বিতৰ্কিত ভিডিঅ’ আৰু সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে ঘৃণা বিয়পোৱাৰ অভিযোগত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দুটাকৈ বাওঁপন্থী দল চি পি আই আৰু চি পি আই (এম)।

মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে এই আবেদন গ্ৰহণ কৰিছে। অৱশ্যে, নিৰ্বাচনৰ ঠিক আগে আগে হোৱা এনে আইনী যুদ্ধৰ প্ৰসংগত মুখ্য ন্যায়াধীশে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, “আজিকালি নিৰ্বাচনী যুঁজৰ এটা অংশ ন্যায়ালয়ত যুঁজাটো এক পৰম্পৰাত পৰিণত হৈছে।” তথাপিও বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি ন্যায়ালয়ৰ পঞ্জীয়কক শুনানিৰ দিন ধাৰ্য কৰিবলৈ নিৰ্দেশ দিছে।

বাওঁপন্থী দলসমূহৰ হৈ অধিবক্তা নিজাম পাছাই আদালতত অভিযোগ কৰে যে যোৱা ৭ ফেব্ৰুৱাৰীত ৰাজ্যিক বিজেপিৰ এক্স (টুইটাৰ) হেণ্ডলত এটা এনিমেটেড ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল।  ভিডিওটোত মুখ্যমন্ত্ৰীজনক হাতত বন্দুক লৈ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি গুলীচালনা কৰা দেখুওৱা হৈছিল। এই প’ষ্টটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত বিজেপিয়ে পিছত ইয়াক মচি পেলায় যদিও ইতিমধ্যে ই সামাজিক বিভাজনৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে।

চি পি আই নেত্ৰী এনী ৰাজাই দাখিল কৰা আন এক আবেদনত এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী দল গঠনৰ দাবী জনাইছে। তেওঁৰ মতে, ৰাজ্যিক বা কেন্দ্ৰীয় সংস্থাৰ পৰা নিৰপেক্ষ তদন্ত আশা কৰিব নোৱাৰি। আবেদনখনত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত দিয়া উচটনিমূলক ভাষণৰ তথ্যও সংলগ্ন কৰা হৈছে।

কেৱল ৰাজনৈতিক দলেই নহয়, দিল্লীৰ প্ৰাক্তন উপ-ৰাজ্যপাল নাজীৰ জং, বিশিষ্ট সমাজকৰ্মী ৰূপৰেখা বাৰ্মা আৰু জন দয়ালৰ দৰে ১২ গৰাকী বিশিষ্ট ব্যক্তিয়েও এই সন্দৰ্ভত এক জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে।