NORTHEAST NOW (Assamese)
অসম

মইমতালি নে স্বচ্ছতাৰ অভাৱ! উঠাই লোৱা হ’ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2026 7:45 pm

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলক লৈ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰ, ১৬ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে ফলাফল ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে আয়োগে এক জাননীযোগে এই ফলাফল বাতিল কৰাৰ কথা ঘোষণা কৰে। এক অনিচ্ছাকৃত কাৰিকৰী ত্ৰুটিৰ দোহাই দি এপিএছচিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই হঠকাৰী সিদ্ধান্তই ৰাজ্যজুৰি পৰীক্ষাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু উদ্বেগৰ সৃষ্টি কৰিছে।

এপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰকে জনোৱা অনুসৰি ফলাফলৰ তালিকাত কিছু বিসংগতি ধৰা পৰাৰ বাবে পূৰ্বৰ ফলাফলটো তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰা হৈছে। আয়োগে প্ৰকাশ কৰিছে যে সমগ্ৰ তালিকাখন পুনৰীক্ষণ কৰাৰ পিছতহে এক নতুন আৰু শুদ্ধ সংশোধিত তালিকা চৰকাৰী ৱেবছাইটত আপলোড কৰা হ’ব। পৰীক্ষাৰ্থীসকলক ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাই আয়োগে অতি সোনকালে নতুন ফলাফল দিয়াৰ আশ্বাস দিছে।

ইফালে ফলাফল বাতিল হোৱাৰ পূৰ্বে একাংশ সূত্ৰৰ পৰা জানিব পৰা গৈছিল যে এইবাৰৰ পৰীক্ষাত গুৱাহাটীৰ নিহাৰ ৰঞ্জন ডেকাই অসম অসামৰিক সেৱাৰ প্ৰথম স্থান লাভ কৰি ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। জানিব পৰা মতে নিহাৰ ৰঞ্জন ডেকা এছপিএম আইএএছ একাডেমীৰ ফাউণ্ডেচন বেচৰ ছাত্ৰ আছিল। একেদৰে ৰজনীশ শৰ্মাই দ্বিতীয় আৰু পাঞ্চালী দেৱীয়ে তৃতীয় স্থান লাভ কৰাৰ খবৰ ওলাইছিল যদিও এতিয়া ফলাফল বাতিল হোৱাৰ পিছত সকলো অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ মুঠ ২৮৮ টা পদ পূৰণৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। বহু অপেক্ষাৰ অন্তত ফলাফল ঘোষণা কৰাৰ পিছত এনেদৰে কাৰিকৰী ভুলৰ বাবে বাতিল কৰিবলগীয়া হোৱা ঘটনাই আয়োগৰ স্বচ্ছতাক লৈও একাংশৰ মনত প্ৰশ্নৰ উদয় কৰিছে। বৰ্তমান পৰীক্ষাৰ্থীসকলক যিকোনো নতুন আপডেটৰ বাবে এপিএছচিৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।