NORTHEAST NOW (Assamese)
Popular Stories

উচ্চ ন্যায়ালয়ৰ কাম-কাজত অধিক গতিশীলতা আনিবলৈ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ সিদ্ধান্তঃ কেইবাজনো নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 27, 2026 3:09 pm

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দেশৰ উচ্চ ন্যায়ালয়সমূহৰ কাম-কাজৰ গতিশীলতা আৰু প্ৰশাসনৰ মান অধিক উন্নত কৰাৰ লক্ষ্যৰে এক নতুন পদক্ষেপ হাতত লৈছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত কলেজিয়ামে শেহতীয়াকৈ এক নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে যে কোনো এজন ন্যায়াধীশক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ থাকিলে, তেওঁক নিৰ্ধাৰিত পদ খালী হোৱাৰ প্ৰায় দুমাহ পূৰ্বেই সেই বিশেষ উচ্চ ন্যায়ালয়খনলৈ বদলি কৰিব পাৰি। এই নতুন নিয়মৰ মূল উদ্দেশ্য হল যাতে হবলগীয়া মুখ্য ন্যায়াধীশগৰাকীয়ে সংশ্লিষ্ট উচ্চ ন্যায়ালয়খনৰ কাম-কাজ, পৰিৱেশ আৰু প্ৰশাসনিক দিশসমূহৰ সৈতে সময় থাকোতেই ভালদৰে পৰিচিত হব পাৰে। বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকী অৱসৰ হোৱাৰ লগে লগে যাতে নতুনগৰাকীয়ে কোনো অসুবিধা নোহোৱাকৈ দায়িত্ব গ্ৰহণ কৰিব পাৰে, তাৰ বাবেই এই আগতীয়া বদলিৰ ব্যৱস্থা কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা এক চৰকাৰী বিবৃতি অনুসৰি, ন্যায় প্ৰশাসনৰ গুণগত মান আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। কলেজিয়ামে স্পষ্ট কৰি দিছে যে যদিহে কোনো উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ পদ খালী হবলৈ দুমাহ বাকী থাকে, তেন্তে সেই পদৰ বাবে নিৰ্বাচিত ন্যায়াধীশগৰাকীক আগতীয়াকৈ বদলি কৰাটোৱেই হব এক আদৰ্শ প্ৰক্ৰিয়া। এই নীতিৰ আধাৰতে কলেজিয়ামে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ লিজা গিলক অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ পৰামৰ্শ আগবঢ়াইছে, ত তেওঁ পৰৱৰ্তী সময়ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

একেদৰে যোৱা ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত কলেজিয়ামৰ বৈঠকত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। ২০২৬ চনৰ ৫ মাৰ্চত কেৰালা উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকীয়ে অৱসৰ গ্ৰহণ কৰিব। সেই খালী হবলগীয়া পদটোৰ বাবে ন্যায়াধীশ সুশ্ৰুত অৰবিন্দ ধৰ্মাধিকাৰীক মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাবেও কলেজিয়ামে অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে উচ্চ ন্যায়ালয়সমূহৰ নেতৃত্বৰ পৰিবৰ্তন যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাক নিশ্চিত কৰিব বিচৰা হৈছে।

কেৱল মুখ্য ন্যায়াধীশৰ নিয়োগেই নহয়, পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়িক ব্যৱস্থা শক্তিশালী কৰাৰ বাবেও কলেজিয়ামে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কলেজিয়ামে মুঠ ৯ গৰাকী জ্যেষ্ঠ অধিবক্তাক পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত মোহৰ মাৰিছে। এইসকল হল ক্ৰমে মহম্মদ নদীম চেৰাজ, ৰঞ্জন কুমাৰ ঝা, কুমাৰ মনীষ, সঞ্জীৱ কুমাৰ, গিৰিজিশ কুমাৰ, আলোক কুমাৰ, ৰাজ কুমাৰ, ৰাণা বিক্ৰম সিং আৰু বিকাশ কুমাৰ। এই নতুন নিযুক্তিসমূহে ন্যায়িক প্ৰক্ৰিয়াত অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।