NORTHEAST NOW (Assamese)
Popular Stories

ইজৰাইল-ইৰান সংঘাতৰ মাজতে নিৰীহৰ মৃত্যুক লৈ প্ৰশ্ন প্ৰখ্যাত আমেৰিকান ধাৰাভাষ্যকাৰ টাৰ্কাৰ কাৰ্লচনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2026 9:30 pm

প্ৰখ্যাত আমেৰিকান ধাৰাভাষ্যকাৰ টাৰ্কাৰ কাৰ্লচনে শেহতীয়াকৈ ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধ আৰু তাত আমেৰিকাৰ ভূমিকাৰ বিৰুদ্ধে এক সাহসী স্থিতি গ্ৰহণ কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁ ধৰ্মীয় আৰু নৈতিক দৃষ্টিকোণৰ পৰা আমেৰিকাৰ বৰ্তমানৰ নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে। বিশেষকৈ বিগত ২৮ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে দক্ষিণ ইৰানৰ শ্বাজাৰেহ তায়্যেবেহ ছোৱালী প্ৰাথমিক বিদ্যালয়ত হোৱা এক ভয়ংকৰ বিমান আক্ৰমণত ১৬৮ গৰাকী শিশু আৰু ১৪ গৰাকী শিক্ষকৰ কৰুণ মৃত্যুৰ পিছতে কাৰ্লচনে এই প্ৰসংগত মুকলিকৈ মাত মাতিছে। তেওঁ স্পষ্ট কৰি দিছে যে কোনো দেশ বা নীতি যিয়েই নহওক, নিৰীহ শিশু আৰু নাগৰিকক হত্যা কৰা কাৰ্যক কেতিয়াও সমৰ্থন কৰিব নোৱাৰি।

আমেৰিকাৰ বহুতো ৰাজনৈতিক নেতা যেনে লিন্ডছে গ্ৰাহাম, টেড ক্ৰুজ, মাইক হাকাবি আৰু মাৰ্কো ৰুবিঅই ইজৰাইলক সমৰ্থন কৰাটো খ্ৰীষ্টান ধৰ্মৰ এক নৈতিক দায়িত্ব বুলি গণ্য কৰে। তেওঁলোকৰ ধাৰণা অনুসৰি ইজৰাইলক সমৰ্থন কৰিলে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পাৰি। কিন্তু টাৰ্কাৰ কাৰ্লচনে এই ধাৰণাৰ সম্পূৰ্ণ বিপৰীতে থিয় দিছে। তেওঁ বাইবেলৰ নৱবিধানৰ উদ্ধৃতি দি কয় যে যিকোনো নিৰীহক হত্যা কৰাৰ সমৰ্থন কৰাটো কেতিয়াও এজন খ্ৰীষ্টানৰ কাম হব নোৱাৰে। তেওঁৰ মতে, এনে অন্যায়ৰ অংশীদাৰ হলে আমেৰিকাই নিজেই ঈশ্বৰৰ অভিশাপৰ সন্মুখীন হব লগা হব পাৰে।

কাৰ্লচনৰ এই মন্তব্যই দীৰ্ঘদিন ধৰি চলি অহা খ্ৰীষ্টান জায়োনিজমৰ ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে। খ্ৰীষ্টান জায়োনিজমৰ বিশ্বাস অনুসৰি আধুনিক ইজৰাইলক সমৰ্থন কৰাটো ধৰ্মীয় বাধ্যবাধকতা, কিন্তু কাৰ্লচনে এই ধাৰণা গ্ৰহণ কৰা নাই। তেওঁৰ যুক্তি মতে, কেৱল ধৰ্মীয় কাৰণতেই নহয়, কৌশলগত দিশৰ পৰাও ইজৰাইল আমেৰিকাৰ বাবে এক বোজা হৈ পৰিছে। এই নতুন দৃষ্টিভংগীয়ে আমেৰিকাৰ ৰাজনীতিত এক নতুন ধাৰাৰ সৃষ্টি কৰিছে, যিটো জে.ডি. ভেন্সৰ দৰে নেতাৰ সমৰ্থনে অধিক শক্তিশালী কৰি তুলিছে। ইৰানৰ সৈতে চলি থকা বৰ্তমানৰ উত্তপ্ত পৰিস্থিতিৰ মাজত কাৰ্লচনৰ এই ধৰ্মীয় আৰু নীতিনিষ্ঠ যুক্তিয়ে আমেৰিকান সমাজত ব্যাপক প্ৰভাৱ পেলাইছে।