NORTHEAST NOW (Assamese)
দেশ

যুদ্ধৰ বাবে ভাৰততো বৃদ্ধি পাব নেকি পেট্ৰল ডিজেলৰ মূল্য? জনালে কেন্দ্ৰীয় মন্ত্ৰালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2026 8:47 pm

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ পৰিৱেশৰ মাজতে দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাক লৈ সাধাৰণ জনতাৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছিল। বিশেষকৈ হৰমুজ প্ৰণালীৰে যাতায়তৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰাত ইন্ধনৰ নাটনি আৰু মূল্য বৃদ্ধিৰ আশংকাই বহুতকে চিন্তিত কৰি তুলিছিল। ইয়াৰ মাজতে মঙলবাৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে এই সন্দৰ্ভত এক স্পষ্টীকৰণ দিছে। এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত যুটীয়া সচিব সুজাতা শৰ্মাই জানিবলৈ দিয়ে যে বৰ্তমান দেশত পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উঠা-নমা চলি থাকিলেও সাধাৰণ গ্ৰাহকক সকাহ দিবলৈকে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিশেষজ্ঞসকলৰ মতে ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ বাবে বিশ্বৰ ইন্ধন বজাৰত ব্যাপক প্ৰভাৱ পৰিছে। তেল পৰিবহণৰ গুৰুত্বপূৰ্ণ জলপথসমূহ সামৰিক উত্তেজনাৰ বাবে বিপদাপন্ন হৈ পৰিছে। এনে পৰিস্থিতিত তেল বিপণন কোম্পানীসমূহে লোকচানৰ বোজা নিজে বহন কৰি হলেও গ্ৰাহকৰ ওপৰত অতিৰিক্ত চাপ পৰিবলৈ দিয়া নাই। যাৰ ফলত বিশ্ব বজাৰত অস্থিৰতা থকাৰ পাছতো দেশৰ বজাৰত পেট্ৰল আৰু ডিজেলৰ মূল্য সুস্থিৰ হৈ আছে। চৰকাৰৰ এই ঘোষণাই জনসাধাৰণক সাময়িকভাৱে হলেও এক ডাঙৰ সকাহ প্ৰদান কৰিছে।

অৱশ্যে পেট্ৰল-ডিজেলৰ ক্ষেত্ৰত সকাহ পালেও ৰন্ধন গেছ বা এলপিজিৰ মূল্যক লৈ উদ্বেগ আঁতৰা নাই। মন্ত্ৰালয়ৰ তৰফৰ পৰা স্বীকাৰ কৰা হৈছে যে গেছৰ যোগান আৰু মূল্য এটা চিন্তাৰ বিষয় হৈ পৰিছে। সেয়েহে ইয়াৰ বিকল্প হিচাপে ইণ্ডাকচনৰ দৰে বৈদ্যুতিক সঁজুলি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছে। হৰমুজ প্ৰণালীৰে যোগান ব্যৱস্থা উন্নত হোৱাৰ লগে লগে গেছৰ নাটনি কমিব বুলি আশা কৰা হৈছে যদিও মূল্যৰ ক্ষেত্ৰত এতিয়াও প্ৰত্যাহ্বান ৰৈ গৈছে। ইতিমধ্যে ঘৰুৱা ব্যৱহৃত সিলিন্ডাৰৰ লগতে বাণিজ্যিক চিলিণ্ডাৰৰো দাম বৃদ্ধি পাইছে। যিয়ে সাধাৰণ পৰিয়ালৰ লগতে সৰু ব্যৱসায়ীসকলৰ ওপৰতো আৰ্থিক বোজা জাপি দিছে।

বৰ্তমান দিল্লীৰ দৰে চহৰত ঘৰুৱা চিলিণ্ডাৰৰ দাম ৯১৩ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ মাজতে প্রধানমন্ত্রী উজ্জ্বলা যোজনাৰ অধীনত থকা হিতাধিকাৰীসকলে প্ৰতিটো চিলিণ্ডাৰত ৩০০ টকাকৈ ৰাজসাহায্য লাভ কৰি আছে, যিয়ে দৰিদ্ৰ পৰিয়ালসমূহক কিছু সহায় কৰিছে। সামগ্ৰিকভাৱে কবলৈ গলে, যুদ্ধৰ এই জটিল সময়তো পেট্ৰল আৰু ডিজেলৰ দাম নাবাঢ়ে বুলি চৰকাৰে জনোৱা বাৰ্তাই দেশবাসীক সকাহ দিছে যদিও এলপিজিৰ বৰ্ধিত মূল্যৰ পৰা কেতিয়া মুক্তি পোৱা যাব তাক লৈ এতিয়াও প্ৰশ্ন ৰৈ গৈছে।