NORTHEAST NOW (Assamese)
Popular Stories

বিজেপিত যোগদানৰ পুৰস্কাৰ! প্ৰতিবাদৰ মাজতেই হৰভজন সিঙক কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰাপত্তা প্ৰদান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 26, 2026 4:12 pm

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ হৰভজন সিঙে শনিবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। তেওঁৰ এই সিদ্ধান্তৰ পিছতেই আম আদমি পাৰ্টি চমুকৈ আপৰ কৰ্মী আৰু সমৰ্থকসকলে তেওঁৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু এই প্ৰতিবাদৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হৰভজন সিঙক বিশেষ নিৰাপত্তা প্ৰদান কৰিছে। এতিয়াৰে পৰা তেওঁৰ নিৰাপত্তাৰ দায়িত্বত চি আৰ পি এফৰ জোৱান নিয়োজিত হব।

ইয়াৰ পূৰ্বে হৰভজন সিঙৰ নিৰাপত্তাৰ দায়িত্ব পঞ্জাৱ আৰক্ষীৰ হাতত আছিল। কিন্তু তেওঁ আপ এৰি বিজেপিত যোগদান কৰাৰ লগে লগেই পঞ্জাৱ চৰকাৰে শনিবাৰে তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰে। একেদিনাই আপৰ সমৰ্থকসকলে তেওঁৰ জলন্ধৰৰ ঘৰৰ সন্মুখত প্ৰতিবাদ কৰাৰ লগতে ঘৰৰ বেৰত দেশদ্ৰোহী বুলিও লিখি থৈ যায়। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেওবাৰে তেওঁক নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত লয়। এতিয়াৰে পৰা দিল্লী আৰু পঞ্জাৱ দুয়োখন ঠাইতে চি আৰ পি এফে তেওঁক নিৰাপত্তা প্ৰদান কৰিব।

উল্লেখযোগ্য যে, যোৱা শুকুৰবাৰে আপৰ নেতা ৰাঘৱ চাধাই দলৰ সৈতে ১৫ বছৰীয়া দীৰ্ঘদিনীয়া সম্পৰ্ক ছিন্ন কৰি বিজেপিত যোগদান কৰিছিল। তেওঁৰ লগতে আপৰ আন ছয়জন সাংসদেও বিজেপিত যোগদান কৰে আৰু হৰভজন সিং তেওঁলোকৰ মাজৰ অন্যতম। তেওঁলোকে দল সলনি কৰাৰ লগে লগে পঞ্জাৱৰ আপ কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

আনহাতে, পঞ্জাৱৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক ডাঙৰ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। আপৰ হাৰিয়ানা শাখাৰ প্ৰাক্তন সভাপতি নবীন জয়হিন্দে দাবী কৰিছে যে পঞ্জাৱত আপ চৰকাৰৰ পতন ঘটিব পাৰে। তেওঁ অভিযোগ কৰিছে যে আপৰ ২৮ জন বিধায়কে অতি সোনকালেই একেলগে দল ত্যাগ কৰিব পাৰে। দল ত্যাগ কৰিব বিচৰা বিধায়কসকলক বেয়া ব্যৱহাৰ কৰা হৈছে আৰু আনকি শাৰীৰিকভাৱেও আক্ৰমণ কৰা হৈছে বুলি তেওঁ দাবী কৰিছে। দলৰ ভিতৰত হোৱা এই কন্দলৰ বাবে পঞ্জাৱত আপৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে বুলি তেওঁ প্ৰকাশ কৰিছে। জয়হিন্দৰ এই দাবীয়ে এতিয়া সমগ্ৰ পঞ্জাৱৰ ৰাজনীতিতেই এক ডাঙৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।