NORTHEAST NOW (Assamese)
Popular Stories

সিন্ধু জল চুক্তি নিলম্বন: যোৱা এবছৰত পাকিস্তানৰ কিমান লোকচান হ’ল?

April 28, 2026 9:20 pm

ভাৰতে সিন্ধু জল চুক্তি নিলম্বিত কৰাৰ পিছত পাকিস্তানে এতিয়া ৰাষ্ট্ৰসংঘৰ কাষ চাপিছে। পাকিস্তানে ৰাষ্ট্ৰসংঘলৈ এখন পত্ৰ প্ৰেৰণ কৰি ভাৰতৰ এই একপক্ষীয় সিদ্ধান্তৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ জনাইছে। পাকিস্তানৰ মতে, এই চুক্তি নিলম্বন কৰাৰ ফলত দক্ষিণ এছিয়াৰ শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে। যোৱা বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘত থকা পাকিস্তানৰ স্থায়ী প্ৰতিনিধি আছম ইফটিকাৰে পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীৰ হৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষক এই পত্ৰখন অৰ্পণ কৰে। অৱশ্যে এই বিষয়ত ভাৰতৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

যোৱা বছৰ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক সীমিত কৰাৰ লগতে ১৯৬০ চনৰ সিন্ধু জল চুক্তিকো নিলম্বিত কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ভাৰতৰ নিৰাপত্তা সম্পৰ্কীয় কেবিনেট সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘত থকা পাকিস্তানৰ মিছনে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক বিবৃতি জাৰি কৰি কয় যে এবছৰ ধৰি এই চুক্তি নিলম্বিত হৈ থকাৰ ফলত শান্তি আৰু নিৰাপত্তাৰ লগতে মানৱীয় বিষয়সমূহতো অতি গুৰুতৰ প্ৰভাৱ পৰিছে। সেয়েহে তেওঁলোকে নিৰাপত্তা পৰিষদক ভাৰতক এই চুক্তি পুনৰুদ্ধাৰ কৰিবলৈ হেঁচা দিবলৈ আহ্বান জনাইছে।

সিন্ধু জল চুক্তিৰ অধীনত ভাৰতক বিয়াছ, ৰবি আৰু শতদ্ৰু নদীৰ পানীৰ অধিকাৰ দিয়া হৈছিল আৰু পাকিস্তানক সিন্ধু, চেনাব আৰু ঝিলাম নদীৰ পানীৰ অধিকাৰ দিয়া হৈছিল। অৱশ্যে এই পশ্চিমীয়া নদীকেইখনৰো বিশ শতাংশ পানীৰ ওপৰত ভাৰতৰ অধিকাৰ আছে। জল বিশেষজ্ঞসকলৰ মতে, এই চুক্তিৰ অধীনত দুয়োখন দেশৰ কিছুমান মৌলিক দায়িত্ব আছে, যেনে বছৰত কমেও এবাৰ দুয়োখন দেশৰ জল আয়ুক্তৰ বৈঠক অনুষ্ঠিত কৰা আৰু নদীৰ পানীৰ প্ৰবাহৰ তথ্য ভাগ-বতৰা কৰা। চুক্তিখনৰ প্ৰাক্তন অতিৰিক্ত আয়ুক্ত ছিৰাজ মেমনৰ মতে, চুক্তিখন নিলম্বন কৰাৰ অৰ্থ হল এতিয়াৰে পৰা এই নিয়মীয়া বৈঠক বা তথ্যৰ আদান-প্ৰদান নহব। আনহাতে, প্ৰাক্তন আয়ুক্ত জামাত আলী শ্বাহে কয় যে যোৱা এবছৰত পাকিস্তানৰ বিশেষ কোনো বৃহৎ লোকচান হোৱা নাই যদিও ভৱিষ্যতে ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে।

জল পৰিক্ৰমা বিশেষজ্ঞ মহছিন লেঘাৰীয়ে উল্লেখ কৰে যে এই চুক্তিৰ অধীনত ভাৰতে বৈ থকা পানীত বান্ধ নিৰ্মাণ কৰিব পাৰে। তেওঁৰ মতে, যদি ভাৰতে চেনাব নদীত থকা বান্ধবোৰ হঠাতে পানীৰে ভৰাবলৈ আৰম্ভ কৰে, তেন্তে পাকিস্তানৰ ফালে পানীৰ প্ৰবাহ কমি যাব। আকৌ যদি হঠাতে বান্ধবোৰ খুলি দিয়া হয়, তেন্তে অত্যাধিক পানীৰ বাবে পাকিস্তানত বানপানীৰ সৃষ্টি হব পাৰে।

বিশেষজ্ঞসকলৰ মতে, ভাৰতে যদি ভৱিষ্যতে নতুন প্ৰকল্প আৰম্ভ কৰি পানী বন্ধ কৰাৰ চেষ্টা কৰে, তেন্তে অহা পাঁচৰ পৰা দহ বছৰৰ ভিতৰত পাকিস্তানৰ বিস্তৰ ক্ষতি হব পাৰে। নিৰাপত্তা পৰিষদলৈ পাকিস্তানৰ পত্ৰ প্ৰেৰণক এক প্ৰতীকী পদক্ষেপ বুলি অভিহিত কৰি জামাত আলী শ্বাহে কয় যে পাকিস্তানে এই বিষয়ত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰো কাষ চাপিব পাৰে। যদি আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে পাকিস্তানৰ সপক্ষে ৰায় দিয়ে, তেন্তে তেওঁলোকে ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে পুনৰ ৰাষ্ট্ৰসংঘৰ ওচৰলৈ যোৱাৰ সুযোগ পাব।

উল্লেখ্য যে ভাৰত আৰু পাকিস্তানে বিশ্ব বেংকৰ মধ্যস্থতাত ন বছৰৰ আলোচনাৰ অন্তত ১৯৬০ চনৰ ছেপ্টেম্বৰ মাহত এই সিন্ধু জল চুক্তিত স্বাক্ষৰ কৰিছিল। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জেনেৰেল আয়ুব খানে কৰাচীত এই চুক্তিত স্বাক্ষৰ কৰিছিল। যোৱা পঁষষ্ঠি বছৰ ধৰি বহু যুদ্ধ আৰু বিবাদৰ পিছতো এই চুক্তিখন বৰ্তি আছিল আৰু দুয়োখন দেশৰ মাজত পানীৰ ভাগ-বতৰা নিয়ন্ত্ৰণ কৰি আহিছিল। এই চুক্তিৰ অধীনত গঠিত স্থায়ী সিন্ধু আয়োগে বিবাদসমূহ সমাধানৰ বাবে কাম কৰিছিল যদিও এতিয়া চুক্তি নিলম্বনৰ ফলত পৰিস্থিতি জটিল হৈ পৰিছে।