NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ নিকাচিত নৈৰ পানীত পৰি কৰুণ মৃত্যু দুজনী কণমানিৰ

Posted by: দীপক কুমাৰ পাঠক June 22, 2018 8:31 pm

বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিকাছিত বাঢ়নী পানীৰ সোঁতত পৰি আজি ২২ জুনত কৰুণভাৱে মৃত্যুমুখত পৰিছে দুটি কণমানি কন্যা শিশু।

নিকাছিৰ অমৃত তিৱাৰীৰ কন্যা অনুস্মিতা তিৱাৰী (২ বছৰীয়া) আৰু পৰশুৰাম ধমলাইৰ কন্যা প্ৰতিভা ধমলাই (৩ বছৰীয়া) খেলি থাকোতে ঘৰৰ কাষেৰে বৈ যোৱা নৈৰ পানীৰ সোঁতত উটি যায়। ঘৰৰ পৰা বহু দূৰত দুয়োকে পৰিয়াল তথা ৰাইজে উদ্ধাৰ কৰাৰ পিছত মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে শিশু দুটিক মৃত বুলি ঘোষণা কৰে।

যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়ি অহা খৰস্ৰোতা পানীৰ সোঁতে শিশু দুটাক প্ৰায় তিনি কিলোমিটাৰ দূৰলৈ উটুৱাই নিয়ে।

আজি পুৱা আঠ বজালৈকে খেলি থকা শিশু দুটিক নিজৰাৰ পাৰত নেদেখি পৰিয়ালৰ মাজত হাহাকাৰ লাগে। কণমানি দুজনীৰ কৰুণ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।