NORTHEAST NOW (Assamese)
জীৱনশৈলী

পিতৃৰ সম্পত্তিৰ ওপৰত কাৰ বেছি অধিকাৰ?  ভাতৃৰ সম্পত্তিৰ ওপৰত ভগ্নীৰ অধিকাৰ আছেন?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 10, 2026 7:13 pm

ভাৰতীয় সমাজত পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰক লৈ আজিও বহু লোকৰ মনত বিভ্ৰান্তি দেখিবলৈ পোৱা যায়। বিশেষকৈ পুত্ৰ আৰু কন্যাৰ মাজত সম্পত্তি কেনেকৈ ভাগ হ’ব আৰু বিবাহিত কন্যাৰ অধিকাৰ কিমান সেই লৈ প্ৰায়ে প্ৰশ্ন উত্থাপন হয়। বৰ্তমানৰ আইনী ব্যৱস্থা অনুসৰি হিন্দু উত্তৰাধিকাৰ আইন ১৯৫৬-এ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে যিয়ে লিংগভিত্তিক বৈষম্য দূৰ কৰাত সহায় কৰে।

২০০৫ চনৰ হিন্দু উত্তৰাধিকাৰ আইনৰ সংশোধনী অনুসৰি এতিয়া কন্যাসকলৰো পিতৃৰ পৈতৃক সম্পত্তিত পুত্ৰৰ দৰেই সমান অধিকাৰ আছে। ইয়াৰ অৰ্থ হ’ল পিতৃৰ জীৱিত কালত হওক বা মৃত্যুৰ পিছত পুত্ৰ আৰু কন্যা উভয়েই সম্পত্তিৰ সমান অংশ লাভ কৰিব। ভাৰতীয় সমাজৰ বাবে এই আইনী পৰিৱৰ্তন এক ডাঙৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয় কাৰণ পূৰ্বতে কেৱল পুত্ৰকহে সম্পত্তিৰ প্ৰকৃত উত্তৰাধিকাৰী বুলি ভবা হৈছিল।

পিতৃৰ সম্পত্তি সাধাৰণতে দুই ধৰণৰ হ’ব পাৰে যিবোৰ হ’ল পৈতৃক সম্পত্তি আৰু স্ব-অৰ্জিত সম্পত্তি। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত সন্তানৰ জন্মৰ লগে লগেই তেওঁলোকৰ অধিকাৰ সাব্যস্ত হয় আৰু ইয়াত ল’ৰা বা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাথাকে। আনহাতে স্ব-অৰ্জিত সম্পত্তিৰ ক্ষেত্ৰত পিতৃয়ে নিজৰ ইচ্ছা অনুসৰি উইল কৰি সম্পত্তি দান বা ভাগ কৰিব পাৰে। কিন্তু যদি পিতৃয়ে কোনো উইল নকৰাকৈ মৃত্যুবৰণ কৰে তেন্তে আইন অনুসৰি পুত্ৰ আৰু কন্যাই সমান অংশ লাভ কৰিব।

বহুতে জানিব বিচাৰে যে এগৰাকী ভনীয়ে ককায়েক বা ভাইেকৰ সম্পত্তি দাবী কৰিব পাৰেনে। ইয়াৰ উত্তৰটো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। যদি ভাতৃৰ সম্পত্তিখিনি পৈতৃক হয় আৰু ভগ্নী গৰাকীয়ে সেই পৰিয়ালৰ সদস্য হিচাপে আইনী উত্তৰাধিকাৰী হয় তেন্তে তেওঁ নিজৰ অংশ দাবী কৰিব পাৰিব। আকৌ যদি ভাতৃয়ে নিজৰ উপাৰ্জিত সম্পত্তিৰ বাবে কোনো উইল নকৰাকৈ মৃত্যুবৰণ কৰে তেন্তে তেওঁৰ পত্নী, সন্তান আৰু মাতৃৰ সৈতে ভনীগৰাকীৰ অধিকাৰ উত্তৰাধিকাৰ আইনৰ ধাৰা অনুসৰি নিৰ্ধাৰণ কৰা হ’ব।

বিবাহিত কন্যাৰ অধিকাৰক লৈও সমাজত বহু ভুল ধাৰণা প্ৰচলিত হৈ আছে। বহুতে ভাবে যে বিয়াৰ পিছত এগৰাকী ছোৱালীৰ পিতৃৰ ঘৰৰ সম্পত্তিত কোনো অধিকাৰ নাথাকে। কিন্তু আইনী দৃষ্টিকোণৰ পৰা এইটো সম্পূৰ্ণ ভুল ধাৰণা। আইন অনুসৰি এগৰাকী ছোৱালী বিবাহিত হওক বা অবিবাহিত হওক তেওঁ পিতৃৰ সম্পত্তিত সমান অধিকাৰ ভোগ কৰিব পাৰে।

অৱশ্যে বাস্তৱ ক্ষেত্ৰত দেখা যায় যে পাৰিবাৰিক সম্পৰ্ক, সামাজিক চাপ আৰু সজাগতাৰ অভাৱৰ বাবে বহু সময়ত মহিলাই নিজৰ অধিকাৰ প্ৰয়োগ কৰাত বাধাৰ সন্মুখীন হয়। ইয়াৰ ফলত বহু ক্ষেত্ৰত তেওঁলোকে নিজৰ প্ৰাপ্য অংশ দাবী নকৰে। বিশেষজ্ঞসকলৰ মতে আইনী অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু প্ৰয়োজন হ’লে সঠিক আইনী পৰামৰ্শ লোৱাটো অতি জৰুৰী। আধুনিক ভাৰতীয় আইনে ল’ৰা আৰু ছোৱালীৰ মাজত সমান অধিকাৰ সুনিশ্চিত কৰিছে সেয়েহে সম্পত্তিৰ ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত লিংগৰ ভিত্তিত বৈষম্য কৰাৰ কোনো আইনী ভিত্তি নাই। সঠিক তথ্য জনাটোৱেই নিজৰ অধিকাৰ সুৰক্ষিত কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায়।