NORTHEAST NOW (Assamese)
Popular Stories

ICC-এ বন্ধ কৰিলে এইখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ পুঁজি, টি২০ বিশ্বকাপ ২০২৬ত মেচ ফিক্সিঙৰ গুৰুতৰ অভিযোগ

May 16, 2026 9:03 pm

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে অৰ্থাৎ আইচিচিয়ে ক্ৰিকেট কানাডাৰ বিৰুদ্ধে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ক্ৰিকেট কানাডাৰ পুঁজি আগন্তুক ছয় মাহৰ বাবে স্থগিত ৰখা হৈছে। ইএছপিএন ক্ৰিকইনফোৰ এক প্ৰতিবেদন অনুসৰি বৰ্ডখনৰ ভিতৰত চলি থকা প্ৰশাসনীয় খেলিমেলি, দুৰ্নীতি আৰু নিয়ম উলংঘাৰ বাবে আইচিচিয়ে এই সিদ্ধান্ত লৈছে। আইচিচিৰ এই কঠোৰ পদক্ষেপে ক্ৰিকেট কানাডাৰ বাবে এক গভীৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিব পাৰে বুলি আশা কৰা হৈছে।

যোৱা ৯ আৰু ১০ মেত ক্ৰিকেট কানাডাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু ইয়াৰ ঠিক পিছতেই আইচিচিয়ে এই পুঁজি বন্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। অৱশ্যে এই সভাত ক্ৰিকেট বৰ্ডখনে নিজৰ কাৰ্যকলাপ উন্নত কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছিল। শাসন ব্যৱস্থাৰ সংস্কাৰৰ বাবে বৰ্ডে ৯ জনীয়া এক নতুন পৰিচালনা সমিতি গঠন কৰিছে, ত অৰৱিন্দৰ খোচাক নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। খোচাক যোৱা এপ্ৰিল মাহত অন্তৱৰ্তীকালীন সভাপতিৰ দায়িত্ব দিয়া হৈছিল।

আইচিচিয়ে পুঁজি বন্ধ কৰাৰ বাবে এতিয়া কানাডাৰ ক্ৰিকেট মেচ আৰু ইয়াৰ পৰিচালনাত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বিত্তীয় তথ্য অনুসৰি ২০২৪ বৰ্ষত ক্ৰিকেট কানাডাৰ মুঠ উপাৰ্জনৰ প্ৰায় ৬৩ শতাংশ ধন কেৱল আইচিচিৰ পৰাই আহিছিল। বৰ্ডৰ মুঠ আয় আছিল প্ৰায় ৫.৭ নিযুত কানাডিয়ান ডলাৰ, যাৰ ভিতৰত ৩.৬ নিযুত ডলাৰ আইচিচিয়ে প্ৰদান কৰিছিল। এনে পৰিস্থিতিত পুঁজি বন্ধ হোৱাটো কানাডাৰ ক্ৰিকেটৰ বাবে এক ডাঙৰ মোক্ষম আঘাত বুলি গণ্য কৰা হৈছে।

শেহতীয়া বছৰবোৰত ক্ৰিকেট কানাডা ধাৰাবাহিকভাৱে বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰিছে। কানাডাৰ এটা বিখ্যাত অনুসন্ধানকাৰী অনুষ্ঠান ফিপ্থ ইষ্টেটৰ প্ৰতিবেদনত বৰ্ডখনৰ বিৰুদ্ধে বিত্তীয় খেলিমেলি আৰু প্ৰশাসনীয় অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল। ইয়াৰ উপৰিও আইচিচিৰ দুৰ্নীতি প্ৰতিৰোধী শাখাই টি২০ বিশ্বকাপত কানাডা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা মেচখনৰ মেচ ফিক্সিংৰ অভিযোগৰ তদন্ত চলাই আছে। ইয়াৰ মাজতে কানাডাৰ প্ৰ প্রাক্তন প্ৰশিক্ষক খুৰ্ৰাম চৌহানৰ এটা অডিঅফাদিল হৈছে, ত বৰ্ডৰ প্ৰাক্তন বিষয়াসকলে দল নিৰ্বাচনত হস্তক্ষেপ কৰা আৰু বলপূৰ্বক খেলুৱৈ অন্তৰ্ভুক্ত কৰাৰ বাবে চাপ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সকলোবোৰ বিতৰ্কৰ মাজতে আইচিচিয়ে ক্ৰিকেট কানাডাৰ ওপৰত এই ডাঙৰ নিষেধাজ্ঞা আৰোপ কৰিছে।