NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ ধনুভাঙা অঞ্চলত অব্যাহত আছে ‘লাডেন’ৰ আতংক

Posted by: নীলমনি শর্মা June 24, 2018 9:27 am
Assam, Meghalaya, Arunachal Pradesh in WTI’s 101 elephant corridor list

এতিয়া লাডেনে লৈছে অন্য এক ৰূপ। দিন দুপৰতে মুক্ত বিচৰণ কৰিব পৰা হল লাডেনl ৰাইজৰ বাবে নতুনকৈ বিপদৰ কাৰণ হৈ পৰিছে কঁঠাল l বাৰিষা কালৰ সুস্বাদু ফল কঁঠালৰ বতৰত এতিয়া গাৱঁত সহজ লভ্য। এই কঁঠাল খাবলৈয়ে দিনতে মুকলি ভাবে ওলাই আহে লাডেন l

দীৰ্ঘ দিনৰ পৰা গোৱালপাৰাৰ ৰংজুলি বনাঞ্চলৰ ধনুভাঙাৰ দেওঁশীলা অঞ্চলত অৱস্থান লৈ আছে লাডেনেl লাডেনে শনিবাৰে আবেলি কঁঠাল খাবলৈ দেওঁশীলা বজাৰৰ কাষতে ওলোৱাত ৰাইজ আতংকিত হৈ পৰেl

দিনত কঁঠাল খাই যোৱা লাডেনে নিশা দেওঁশীলা বজাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন দোকান ভাঙি থৈ যোৱাৰ লগতে কাষৰ এটা পৰিয়ালৰ ঘৰো ভাঙি থৈ যায় l

এতিয়া দিন দুপৰতে বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰা বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলে স্কুললৈ যাবলৈয়ো ভয় কৰা হৈছে l