NORTHEAST NOW (Assamese)
অসম

২৪৪ টকা মজুৰি নিৰ্ধাৰণ ৰাজ্যৰ ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকৰ

Posted by: এন ই নাও নিউজ June 25, 2018 10:05 am
Athabari Tea Estate, Dimou

অসমৰ ক্ষুদ্ৰ চাহ বাগিচা সমূহত নিয়োজিত হৈ থকা চাহ শ্ৰমিকসকলৰ বাবে অসম চৰকাৰে প্ৰথমবাৰলৈ গ্ৰহণ কৰিছে কিছু আদৰণীয় পদক্ষেপ। চাহ শ্ৰমিকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ নিৰ্ধাৰণ কৰিছে নূন্যতম মজুৰি।

উল্লেখ্য যে শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণ কৰা হয় যোৱা ১৯ জুনত অনুষ্ঠিত হোৱা ক্ষুদ্ৰ চাহ বাগিচা শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ সংক্ৰান্তীয় কমিটিৰ বৈঠকত।

ৰাজ্যৰ কৃষি শ্ৰমিকসকলৰ লগত সামাঞ্জস্য ৰাখি কমিটিখনে ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকৰো নূন্যতম দৈনিক মজুৰি ২৪৪ টকা নিৰ্ধাৰণ কৰে।

শ্ৰমিকৰ মজুৰি সংক্ৰান্তত ৰাজ্যৰ শ্ৰম বিভাগে দুই-এদিনৰ ভিতৰতে জাননী জাৰি কৰিব বুলি ৰাজ্যৰ শ্ৰম আয়ুক্ত তপন চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে জনায় যে ৰাজ্যত এখ লাখ ক্ষুদ্ৰ চাহ বাগিচা আছে আৰু তাৰ বিপৰীতে চাহ শ্ৰমিক নিয়োজিত হৈ আছে প্ৰায় ১ লাখৰো অধিক।

মন কৰিবলগীয়া যে ৰাজ্যৰ বৃহৎ চাহ বাগিচা সমূহৰ শ্ৰমিকসকলে দৈনিক মজুৰি ১৩৭ টকাৰ পৰা ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত বিগত কেইবা মাহৰ পৰা তীব্ৰ প্ৰতিবাদ তথা আন্দোলন সাব্যস্ত কৰি অহাৰ সময়ত ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ বাগিচা শ্ৰমিকৰ মজুৰি ২৪৪ টকা নিৰ্ধাৰণ কৰাৰ বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে।