NORTHEAST NOW (Assamese)
দেশ

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 22, 2026 9:39 pm

বাংলাদেশৰ ৰাজনীতিত এতিয়া মহিলা সাংসদসকলৰ সাজ-পাৰক লৈ তীব্ৰ চৰ্চা চলিছে। অলপতে ৰাষ্ট্ৰীয় সংসদত কেইগৰাকীমান মহিলা সাংসদে বোৰ্খা আৰু নিকাব পিন্ধাক লৈ এক বিতৰ্কৰ সূচনা হৈছিল। এই বিতৰ্কৰ মাজতে দেশৰ পৰা নিৰ্বাসিত তথা বিতৰ্কিত লেখিকা তসলিমা নাচৰিনে নিজৰ মতামত প্ৰকাশ কৰি নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

এই সমগ্ৰ ঘটনাৰ সূত্ৰপাত ঘটিছিল বাজেট অধিৱেশনৰ দিনা। সংসদত উপস্থিত থকা নিকাব পৰিহিত মহিলা সাংসদসকলক উদ্দেশ্যি কুমিল্লা-৬ সমষ্টিৰ সাংসদ মনিৰুল হক চৌধুৰীয়ে মন্তব্য কৰিছিল যে আমাৰ ভনীসকল সাংসদ হৈ আহিছে, সকলোৱে মেধাৱী, কিন্তু মই বুজি নাপালোঁ আপোনালোক কোন আৰু ভিতৰত কোন আছে। তেওঁৰ এই বক্তব্যৰ পিছৰে পৰা সংসদৰ ভিতৰে-বাহিৰে তোলপাৰ লাগিছে।

এই বিতৰ্কৰ মাজতে লজ্জা উপন্যাসৰ স্ৰষ্টা তসলিমা নাচৰিনে নিজৰ ছচিয়েল মিডিয়া একাউণ্টত সংসদৰ এখন ছবি শ্বেয়াৰ কৰি তীব্ৰ ভাষাৰে নিজৰ মতামত প্ৰকাশ কৰিছে। তেওঁ সোঁৱৰাই দিয়ে যে সংসদ কোনো কাৰণতে মুখ লুকুৱাই ৰখাৰ ঠাই নহয়। তেওঁৰ মতে, জনপ্ৰতিনিধিসকল ৰাইজৰ সন্মুখত স্পষ্টকৈ দৃশ্যমান হোৱাটোৱে স্বাভাৱিক। মুখ লুকুৱাই ৰাইজক প্ৰতিনিধিত্ব কৰাৰ মাজত এক ডাঙৰ বিপৰীতমুখী কথা আছে বুলি তেওঁ ভাবিছে। কাৰণ এজন মানুহৰ মুখে তেওঁৰ পৰিচয়, ব্যক্তিত্ব আৰু উপস্থিতিৰ প্ৰধান প্ৰতীক।

নিজৰ ক্ষোভ উজাৰি তসলিমা নাচৰিনে লিখিছে যে যি মতাদৰ্শই মহিলাৰ মুখখন লুকুৱাব বিচাৰে, আচলতে সেই মতাদৰ্শই নাৰীৰ ব্যক্তিত্বকে মচি পেলাব বিচাৰে। বোৰ্খা পিন্ধা মহিলা সাংসদসকলৰ সেই ছবিখন তেওঁৰ বাবে নাৰী স্বাধীনতাৰ কোনো প্ৰতীক নহয়, বৰঞ্চ ই নাৰীক অদৃশ্য আৰু পৰিচয়হীন কৰি তোলাৰ এক কৰুণ ছবিহে। তেওঁ আক্ষেপ কৰি কয় যে ইয়াত কোনো শিক্ষিতা নাৰী, নিৰ্বাচিত প্ৰতিনিধি বা সক্ৰিয় নাগৰিকক দেখা পোৱা যোৱা নাই, বৰঞ্চ ইয়াত এক নাৰীবিদ্বেষী মানসিকতাৰ প্ৰভাৱ দেখা গৈছে, য’ত নাৰীৰ মুখখনকে এটা ডাঙৰ সমস্যা হিচাপে ধৰি লোৱা হয়।

শতিকাৰ পিছত শতিকা ধৰি সংগ্ৰাম কৰি নাৰীয়ে আজি ঘৰৰ বাহিৰলৈ ওলোৱাৰ, শিক্ষা আৰু কৰ্মক্ষেত্ৰলৈ যোৱাৰ অধিকাৰ অৰ্জন কৰিছে। কিন্তু ৰাজনীতি আৰু দেশ গঢ়াৰ দৰে গুৰুত্বপূৰ্ণ স্থানলৈ আহিও যদি এগৰাকী নাৰীয়ে নিজৰ মুখখন পৰ্দাৰ আঁৰত লুকুৱাই ৰাখিবলগীয়া হয়, তেন্তে তসলিমাৰ প্ৰশ্ন হ’ল নাৰী সঁচাকৈয়ে আজি মুক্তনে? নে তেওঁলোক আজিও অদৃশ্য শিকলিৰে বান্ধ খাই আছে? সংসদত য’ত মানুহৰ মেধা, যুক্তি আৰু নেতৃত্বৰ বিকাশ ঘটিব লাগে, তাত এনে অবয়বহীনতা একেবাৰেই কাম্য নহয় বুলি তেওঁ বিশ্বাস কৰে। সামগ্ৰিকভাৱে সাংসদ মনিৰুল হক চৌধুৰীৰ মন্তব্য আৰু তাৰ প্ৰেক্ষিতত তসলিমা নাচৰিনৰ এই স্পষ্ট ভাষণে চাৰিওফালে এক ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিছে।