NORTHEAST NOW (Assamese)
Popular Stories

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2026 2:27 pm
গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

সোমবাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে এটা ভেজাল গাখীৰৰ ব্যৱসায় উৎখাত কৰে। তাত গাখীৰত ডিটাৰজেন্ট মিহলি কৰা হৈছিল! চৰ্বিৰ পৰিমাণ বুজাবলৈ পাম অইল যোগ কৰা হৈছিল। ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে বহুদিনৰ পৰা সকলোৱে সেয়াই খাই আহিছে।

এই ব্যৱসায় চলি আছিল ৰাজ্যখনৰ ধাৰাশিব জিলাৰ ভুম তালুকত। এই অঞ্চলটো গাখীৰ উৎপাদনৰ বাবে বিখ্যাত। খাদ্য সুৰক্ষা বিভাগ আৰু আৰক্ষীৰ যৌথ তদন্তত পোহৰলৈ আহিছে যে যোৱা ছমাহত ইয়াৰ পৰাই বজাৰত প্ৰায় ২.৩ কোটি লিটাৰ ভেজাল বা কৃত্ৰিম গাখীৰ বিক্ৰী হৈছে। তদন্তকাৰীয়ে আশংকা কৰিছে যে এই গাখীৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰা হৈছে।

অভিযুক্তৰ পৰা জব্দ কৰা বিক্ৰীৰ ৰেকৰ্ড পৰীক্ষা কৰি তদন্তকাৰীয়ে জানিব পাৰিছে যে যোৱা ছমাহত প্ৰায় ২ লাখ ৩০ হাজাৰ ৪৭০ কিলোগ্ৰাম নিম্নমানৰ গাখীৰৰ গুড়ি ব্যৱহাৰ কৰা হৈছে। সেই গুড়িৰ পৰা আনুমানিক ২৩ লাখ ৪ হাজাৰ ৭০ লিটাৰ কৃত্ৰিম গাখীৰ তৈয়াৰ কৰা হৈছিল, যাৰ বজাৰ মূল্য প্ৰায় ৯ কোটি ২১ লাখ ৬২ হাজাৰ ৮০০ টকা।

প্ৰতি ১০০ লিটাৰ বিশুদ্ধ গাখীৰৰ বিপৰীতে ১০ লিটাৰ কৃত্ৰিম গাখীৰ মিহলাই বজাৰত মুকলি কৰি দিয়া হৈছিল। সেই অনুপাতৰ ভিত্তিত অনুসন্ধানকাৰীয়ে অনুমান কৰিছে যে ভুম অঞ্চলৰ একাধিক গাখীৰ সংগ্ৰহ কেন্দ্ৰৰ পৰা মুঠ ২.৩ কোটি লিটাৰতকৈ অধিক ভেজাল গাখীৰ বিভিন্ন স্থানত যোগান ধৰা হৈছিল।

এই কৃত্ৰিম গাখীৰ তৈয়াৰ কৰিবলৈ আৰু চৰ্বিৰ মাত্ৰা সঠিক কৰি ৰাখিবলৈ ডিটাৰজেন্ট পাউদাৰ (নিৰ্মা), পাম অইল আৰু নিম্নমানৰ ৰাসায়নিক গুড়ি ব্যৱহাৰ কৰা হৈছিল।

খাদ্য সুৰক্ষা বিশেষজ্ঞসকলৰ মতে, এনে গাখীৰ দীৰ্ঘদিন ধৰি সেৱন কৰিলে যকৃত, বৃক্ক আৰু পাচনতন্ত্ৰৰ গুৰুতৰ ক্ষতি হ’ব পাৰে। শিশু, গৰ্ভৱতী মহিলা আৰু বৃদ্ধৰ ক্ষেত্ৰত এই আশংকা আৰু অধিক।

এই ঘটনাত ৭ জন লোকৰ বিৰুদ্ধে খাদ্য সুৰক্ষা আইনৰ কঠোৰ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। অৱশ্যে গোচৰ ৰুজু কৰাৰ আঠ দিনৰ পাছতো কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষী পৰিদৰ্শকৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰি অভিযুক্তক বিচাৰি থকা হৈছে। সম্ভাৱ্য আত্মগোপন স্থানত নিৰন্তৰ অনুসন্ধান চলোৱা হৈছে।

গোটেই ঘটনাটোত বালাছাহেব গডজে নামৰ এজন ব্যক্তিৰ নাম পোহৰলৈ আহিছে। এই ভেজাল গাখীৰৰ গুড়ি তেওঁ ভুম অঞ্চলৰ কেইবাটাও দুগ্ধ কোম্পানীক যোগান ধৰিছিল। তদন্তকাৰী বিষয়াই জনোৱা মতে, পশু খাদ্য বিক্ৰীৰ আঁৰত চক্ৰটো চলি আছিল। কিন্তু এই গুড়িৰ পৰা তৈয়াৰী হাজাৰ হাজাৰ লিটাৰ ভেজাল গাখীৰ কোনে কিনিলে আৰু ক’ত উপনীত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ক্ৰেতাসকলৰ পৰা তেনে কোনো অভিযোগ পোৱা নাই, যিটোৱে সঁচাকৈয়ে বিষয়াসকলক চিন্তিত কৰি তুলিছে।

প্ৰতিদিনে লাখ লাখ লিটাৰ গাখীৰ আৰু বিপুল পৰিমাণৰ মাৱা উৎপাদনৰ বাবে পৰিচিত ভূম তালুকত এনে চক্ৰ চিনাক্তকৰণৰ ক্ষেত্ৰত এই তদন্তক অতি গুৰুত্বপূৰ্ণ বুলি প্ৰশাসনে বিবেচনা কৰে। দোষী সাব্যস্ত হ’লে খাদ্য সুৰক্ষা আইনৰ অধীনত ১০ লাখ টকা পৰ্যন্ত জৰিমনা আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহা হ’ব পাৰে।