সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

এটি গোহাৰি
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি দেশৰ শিক্ষা ক্ষেত্ৰত দেখা দিয়া নানান খেলিমেলিৰ বাবে দিল্লীৰ যন্তৰ মন্তৰত ক’কৰোচ জনতা পাৰ্টিৰ আহ্বানত এটা আন্দোলন চলি আছে। তেওঁলোকে ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছে। এই আন্দোলনত বিভিন্ন ছাত্ৰ-যুৱ সংগঠনৰ লগতে দিনৌ শিল্পী-সাহিত্যিক প্ৰমুখ্যে নাগৰিক সমাজৰ শ শ ব্যক্তিয়ে যোগদান কৰিছে। এতিয়া আন্দোলনটোৰ মধ্যমণি হৈ পৰিছে সোণম ৱাংচুক। তেওঁ ছাত্ৰ-যুৱকৰ এই আন্দোলনৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰি অনশন কৰি আছে। এই অনশনে আজি ২০ দিনত ভৰি দিছে। সম্প্ৰতি সোণম ৱাংচুকৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে।তেওঁৰ স্বাস্থ্যক লৈ সমগ্ৰ দেশৰ নাগৰিক উৎকণ্ঠিত হৈ পৰিছে। সোণম ৱাংচুক এগৰাকী বিশ্ববিশ্ৰুত পৰিৱেশবিদ আৰু শিক্ষাবিদ।ইয়াৰ লগতে তেওঁ লাডাখৰ জনসাধাৰণৰ আত্ম-মৰ্যাদা আৰু আশা আকাংক্ষাৰ প্ৰতীক। ভাৰত চৰকাৰে তেওঁৰ এই শান্তিপূৰ্ণ প্ৰতিবাদৰ প্ৰতি বহুত আগতেই সঁহাৰি জনাব লাগিছিল। পিছে, কেৱল ক্ষমতাৰ লালসাত মত্ত পাষাণ হৃদয়ৰ চৰকাৰৰ পৰা এনে ভদ্ৰজনোচিত সহানুভূতি আশা কৰাটো এক অৰণ্যৰোদনৰ মাথো। আমি কোনো কাৰণতে সোণম ৱাংচুকৰ দৰে মূল্যৱান জীৱন এটা হেৰুৱাব নোৱাৰোঁ। ইমান দিন অনশন কৰি তেওঁ ইতিমধ্যে ক্ষমতাত অধিষ্ঠিত সকলৰ হৃদয়হীনতা আৰু অসংবেদনশীলতা স্পষ্টকৈ উদঙাই দিছে। সোণম ৱাংচুকৰ দৰে এজন ব্যক্তিয়ে ইমান দিন অনশন কৰাৰ পিছতো যিখন চৰকাৰ ইমান নিৰ্লিপ্ত আৰু আনমনা হৈ থাকিব পাৰে, সেই চৰকাৰে সাধাৰণ ৰাইজৰ আন্দোলনলৈ নো কি সঁহাৰি জনাব! সোণমজীৰ জীৱন এতিয়া চৰম সংকটত। তেওঁ যি উদ্দেশ্যে অনশন আৰম্ভ কৰিছিল, চৰকাৰে গুৰুত্ব নিদিলেও তেওঁ সেই উদ্দেশ্যত সফল হৈছে। এতিয়া তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে তেওঁক অনশন ভংগ কৰিবলৈ আহ্বান জনাওঁ আহক। আমাৰ ভৱিষ্যতৰ বাবে, ভাৰতৰ ভৱিষ্যতৰ বাবে তেওঁ আমাৰ মাজত আৰু বহুদিন জীয়াই থাকিব লাগিব।
১) ড° হীৰেন গোহাঁই, ৰাজহুৱা বুদ্ধিজীৱী
২) হৰেকৃষ্ণ ডেকা, প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান, অসম আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী কবি
৩) থমাছ মেনাম্পাৰম্পিল, প্ৰাক্তন আৰ্কবিশ্বপ, গুৱাহাটী
৪) অজিত কুমাৰ ভূঞা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ
৫) অপূৰ্ব শৰ্মা, সাহিত্য অকাডেমি বঁটা বিজয়ী
৬) অৰূপা পটঙ্গীয়া কলিতা, সাহিত্য অকাডেমীৰ বঁটা বিজয়ী
৭) ডাঃ অপূৰ্ব কুমাৰ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক, উত্তৰ- পূব পাৰ্বত্য বিশ্ববিদ্যালয়
৮) জ্যোতিৰ্ময় চক্ৰৱৰ্তী, প্ৰাক্তন এডিজিপি, অসম
৯) ড° উদয়ন মিশ্ৰ, প্ৰাক্তন অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়
১০) ড° পৰমানন্দ মহন্ত, প্ৰাক্তন অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়
১১) ড° দীনেশ চন্দ্ৰ গোস্বামী, বিজ্ঞান লেখক
১২) ধীৰেন্দ্ৰ নাথ শইকীয়া, অৱসৰপ্ৰাপ্ত আই এ এছ
১৩) ড° আবু নাছাৰ ছাইদ আহমেদ, প্ৰাক্তন সঞ্চালক, অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স এণ্ড ডেভেলপমেণ্ট
১৪) ড০ ইন্দ্ৰানী দত্ত, প্ৰাক্তন সঞ্চালক, অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ ছ’চিয়েল চাযেন্স এণ্ড ডেভেলপমেণ্ট
১৫) পৰেশ মালাকাৰ, মুখ্য সম্পাদক, নৰ্থ ইষ্ট নাও, সম্পাদক, অসম নাগাৰিক সমাজ
১৬) প্ৰশান্ত ৰাজগুৰু, মুখ্য সম্পাদক, প্ৰাগ নিউজ
১৭) নিতুমনি শইকীয়া, মুখ্য সম্পাদক, প্ৰতিদিন টাইম
১৮) মুনীন বায়ন, প্ৰাক্তন কাৰ্যবাহী সম্পাদক, দৈনিক অসম
১৯) মাইনী মহন্ত, সম্পাদক, নন্দিনী
২০) শান্তনু বৰঠাকুৰ, জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়
২১) কুনকি চৌধুৰী, ৰাজনীতিবিদ
২২) প্ৰভাত বৰা, লেখক
২৩) শান্তিকাম হাজৰিকা, প্ৰাক্তন অধ্যক্ষ, ছেবা
২৪) ড° পোনা মহন্ত, প্ৰাক্তন অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়
২৫) লক্ষ্মীনাথ তামুলী, অৱসৰপ্ৰাপ্ত আই এ এছ আৰু লেখক
২৬) তৌফিকুৰ ৰহমান বৰবৰা, প্ৰাক্তন অধ্যক্ষ, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
২৭) লোকনাথ গোস্বামী, শিল্পী
২৮) এলেন ব্ৰুকছ, সম্পাদক, সদৌ অসম খ্ৰীষ্টান মঞ্চ
২৯) অৰূপ বৰবৰা, জ্যেষ্ঠ অধিবক্তা
৩০) ড° সীতানাথ লহকৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, কটন কলেজ
৩১) আব্দুল মান্নান, প্ৰাক্তন অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়
৩২) হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই, লেখিকা
৩৩) ড° পদ্মপানী, প্ৰাক্তন সঞ্চালক, ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ, অসম
৩৪) জ্ঞান পূজাৰী, সাহিত্য অকাডেমী বঁটা বিজয়ী কবি
৩৫) ৰবীন দত্ত, প্ৰাক্তন সঞ্চালক, ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ, অসম
৩৬) ঘনশ্যাম নাথ, প্ৰাক্তন অধ্যক্ষ, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়
৩৭) পৰমানন্দ মজুমদাৰ, প্ৰাক্তন অধ্যক্ষ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়
৩৮) শিবানন্দ কাকতি, লেখক
৩৯) নীলিম কুমাৰ, কবি
৪০) ৰাজেন কলিতা, প্ৰাক্তন অধ্যাপক, টংলা মহাবিদ্যালয়
৪১) দীপক গোস্বামী, প্ৰাক্তন উপ সঞ্চালক প্ৰধান, এন আই চি, অসম
৪২) নাজিবুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা
৪৩) ড° পৱন চহৰীয়া, প্ৰাক্তন অধ্যাপক, কটন কলেজ
৪৪) ড° ছাৰা হিলালী, প্ৰাক্তন অধ্যাপিকা, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, ইটানগৰ
৪৫) ধ্ৰুৱ হাজৰিকা, অৱসৰপ্ৰাপ্ত এচিএছ, লেখক
৪৬) আবচৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া
৪৭) ময়ুৰ বৰা, বক্তা আৰু লেখক
৪৮) অনুপমা বসুমতাৰী, কবি
৪৯) জগদীশ গোস্বামী, প্ৰাক্তন অধ্যাপক বি বৰুৱা মহাবিদ্যালয়, গুৱাহাটী
৫০) নীল শৰ্মা, প্ৰাক্তন অধ্যাপক, এছচিইআৰটি, অসম
৫১) ৰণেন কুমাৰ গোস্বামী, সাংবাদিক
৫২) মহেশ ডেকা, কাৰ্যবাহী সম্পাদক, নৰ্থইষ্ট নাও
৫৩) কেশৱ শইকীয়া, অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা, কৃষি বিভাগ, অসম
৫৪) দিলীপ কুমাৰ নেওগ, প্ৰাক্তন আই জি, কাৰাগাৰ
৫৫) বনজিৎ হুছেইন, স্তম্ভলেখক আৰু কৃষক
৫৬) হেমন্ত দাস, চলচ্চিত্ৰ নিৰ্মাতা
৫৭) অৱনী বৰা, আবৃত্তিকাৰ
৫৮) দেবেন তামুলী, লেখক
৫৯) নয়ন প্ৰসাদ, সাংস্কৃতিক কৰ্মী
৬০) ড° সৌৰভ প্ৰাণ গোস্বামী, প্ৰাক্তন অধ্যাপক দৰ্শন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
৬১) শতঞ্জীব দাস, শ্ৰমিক নেতা
৬২) জয়ন্ত বৰগোহাঁই, আই অ’ চি এলৰ প্ৰাক্তন ডি জি এম
৬৩) ময়ুৰ গোস্বামী, প্ৰাক্তন ডিজিএম আইঅ’চিএল
৬৪) আফ্ৰিদা হুছেইন, সাংবাদিক
৬৫) মৃণাল গোহাঁই, প্ৰাক্তন মুৰব্বী, একচন এইড, উত্তৰ-পূৰ্বাঞ্চল
৬৬) সবিতা লহকৰ, সাংবাদিক
৬৭) অনুপমা দাস, কবি
৬৮) ৰশ্মী গোস্বামী, সমাজ কৰ্মী
৬৯) কিশোৰ কুমাৰ কলিতা, স্তম্ভলেখক
৭০) মুবিনা আখতাৰ, পৰিৱেশ কৰ্মী
৭১) উত্তম বাথাৰী, সহকাৰী অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়
৭২) গুণীন চৌধুৰী, লেখক
৭৩) ফাদাৰ টম মাংগাটুথাজে, খ্ৰীষ্টান মঞ্চ
৭৪) ললিত গগৈ, সাংবাদিক
৭৫) ৰিপুঞ্জয় গগৈ, লেখক
৭৬) ৰবিজিতা গগৈ, নাট্যকাৰ
৭৭) গীতাশ্ৰী তামুলী, সহকাৰী অধ্যাপক, বি বৰুৱা মহাবিদ্যালয়
৭৮) ৰীমা বৰা, চলচ্চিত্ৰ নিৰ্মাতা
৭৯) সূপৰ্ণা লাহিড়ী, সাংবাদিক
৮০) হেমন্ত ৰাজবংশী, লেখক
৮১) ড° হাফিজ আহমেদ, লেখক আৰু সমাজ কৰ্মী
৮২) জুনু বৰা, লেখিকা
৮৩) মণিকা গোস্বামী, শিক্ষাবিদ
৮৪) নিখিলেশ্বৰ বৰুৱা, শিল্পী
৮৫) শংকৰ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কবি
৮৬) পক্ষীৰাজ ৰাভা, ভূমি আন্দোলনৰ নেতা
৮৭) নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু অনুবাদক
৮৮) দুদুলমণি শৰ্মা, সম্পাদক, অন্বেষা
৮৯) উৎপল হালৈ, স্তম্ভলেখক
৯০) ডাঃ অনিল চৌধুৰী, চিকিৎসক আৰু লেখক
৯১) কমলেশ গুপ্তা, সমাজ কৰ্মী
৯২) দীপেন কাকতি, লেখক
৯৩) ডাঃ ভবেশ ভাগৱতী, চিকিৎসক
৯৪) প্ৰশান্ত কুমাৰ কলিতা, অৱসৰপ্ৰাপ্ত বেংকাৰ আৰু অনুবাদক
৯৫) গুণ কলিতা, সমাজকৰ্মী
৯৬) নীলিমা ঠাকুৰীয়া হক, কবি
৯৭) দিব্যৰঞ্জন খাটনিয়াৰ, সহকাৰী অধ্যাপক, গুৱাহাটী মহাবিদ্যালয়
৯৮) মনোৰাম গগৈ, সাংবাদিক আৰু লেখক
৯৯) ৰেজা মাহমুদ, অৱসৰপ্ৰাপ্ত চিজিএম, এপিডিচিএল
১০০) বাসুদেৱ দাস, অনুবাদক
১০১) ঋতুৰাজ কলিতা, সহকাৰী অধ্যাপক, কটন বিশ্ববিদ্যালয়
১০২) কুশল দত্ত, কবি
১০৩) কমল কুমাৰ তাঁতী, কবি
১০৪) মনমোহন ৰাজবংশী, সম্পাদক, সদৌ অসম ফেডাৰেচন অৱ জুনিয়ৰ ইঞ্জিনিয়াৰছ
১০৫) প্ৰমোদ চন্দ্ৰ মহন্ত, শ্ৰমিক নেতা
১০৬) উজ্জ্বল ভৌমিক, সমাজকৰ্মী
১০৭) খনিন তালুকদাৰ, অৱসৰপ্ৰাপ্ত, অভিযন্তা, এ পি ডি চি এল
১০৮) কুলেশ চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত, মুখ্য জি এম, এ পি ডি চি এল
১০৯) অবনী কুমাৰ সূত্ৰধৰ, বিজ্ঞান কৰ্মী
১১০) বিমল প্ৰসাদ চৌধুৰী, প্ৰাক্তন সাধাৰণ সম্পাদক, এজেৱাইচিপি
১১১) ড° প্ৰিয়ংকা ৰাজবংশী, ৰাজহুৱা কৰ্মী
১১২) ৰাণাপ্ৰসাদ হাজৰিকা, প্ৰাক্তন অধ্যাপক, বিশ্বনাথ মহাবিদ্যালয়
১১৩) পদ্মলোচন নাথ, অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু লেখক
১১৪) মনোজ বৰপূজাৰী, চলচ্চিত্ৰ সমালোচক আৰু লেখক
১১৫) দেবানন্দ মেদক, সাংবাদিক
১১৬) মাধুৰ্য বৰুৱা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়
১১৭) ৰত্না ভৰালী তালুকদাৰ, লেখক
১১৮) পাৰবীন চুলতানা, লেখক
১১৯) পৰী হিলৈদাৰী, লেখিকা, সহযোগী অধ্যাপক
১২০) প্ৰণৱজ্যোতি ডেকা, লেখক
১২১) জিতুমণি বৰা, সাংবাদিক
১২২) প্ৰতিমা বৰুৱা, সাংবাদিক
১২৩) পূৰবী শইকীয়া কলিতা, সমাজ কৰ্মী
১২৪) ৰূপালীম দত্ত, সমাজ কৰ্মী
১২৫) লয়নু দাস কলিতা, সমাজ কৰ্মী
১২৬) পূৰ্ণেশ্বৰ নাথ, অধ্যাপক, দৰং মহাবিদ্যালয়
১২৭) বিজয়া গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক আৰু লেখক
১২৮) গজেন কলিতা, সমাজকৰ্মী
১২৯) হৰ কুমাৰ গোস্বামী, ৰাজনৈতিক কৰ্মী
১৩০) ৰবাৰ্ট কুজুৰ, অধিবক্তা
১৩১) দীপক চৰকাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক
১৩২) শৈলেন বৰকটকী, লেখক
১৩৩) ড° মৃণাল বৰ্মন, অৱসৰপ্ৰাপ্ত উপ সঞ্চালক, কৃষি বিভাগ
১৩৪) আহছান হাজৰিকা, সমাজ কৰ্মী
১৩৫) বিপুল দেৱ শৰ্মা, শ্ৰমিক নেতা
১৩৬) অমিতাভ চেটাৰ্জী, অৱসৰপ্ৰাপ্ত তত্বাৱধায়ক, এ জি, অসম
১৩৭) হামজা চৌধুৰী, সমাজ কৰ্মী
১৩৮) ড° পংকজলোচন বৈশ্য, সমাজ কৰ্মী
১৩৯) বংশীধৰ বেজবৰুৱা, সমাজ কৰ্মী
১৪০) উদিত বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক
১৪১) উমেশ কৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক, সামাজিক কৰ্মী
১৪২) পংকজ গোবিন্দ মেধি, লেখক
১৪৩) প্ৰণৱ আচাৰ্য, সাংবাদিক
১৪৪) টিমকেন্দ্ৰ বাহাদুৰ সিংহা, সমাজ কৰ্মী
১৪৫) মনোজ আগস্তি, সাংবাদিক
১৪৬) সমীন্দ্ৰ হুজুৰী, কবি
১৪৭) দীপক কুমাৰ দাস, কবি আৰু সাংবাদিক
১৪৮) ৰাজু বৰুৱা, কবি
১৪۹) অঞ্জন গোস্বামী, সাংবাদিক
১৫০) ৰমণীমোহন দাস, অৱসৰপ্ৰাপ্ত বেংকাৰ
১৫১) গীতাঞ্জলি সোণোৱাল, সমাজ কৰ্মী
১৫২) পংকজ কুমাৰ দাস, ৰাজনৈতিক কৰ্মী
১৫৩) পৰেশ বৰুৱা, সমাজ কৰ্মী
১৫৪) তিলক মোহন, সমাজ কৰ্মী
১৫৫) জামছেৰ আলী, সাংবাদিক, সামাজিক কৰ্মী
১৫৬) দেৱজিৎ চৌধুৰী, সমাজ কৰ্মী
১৫৭) ভৱ হাজৰিকা, অৱসৰপ্ৰাপ্ত দণ্ডাধীশ
১৫৮) নয়নজ্যোতি ভূঞা, সমাজ কৰ্মী
১৫৯) সুব্ৰত তালুকদাৰ, সমাজ কৰ্মী
১৬০) উমেশ গোস্বামী, সমাজ কৰ্মী
১৬১) কৌস্তভমণি শইকীয়া, কবি
১৬২) সমীৰ চৌধুৰী, ফটোগ্ৰাফাৰ
১৬৩) ধনঞ্জয় শৰ্মা, শিল্পী
১৬৪) প্ৰভাত দাস, লেখক
১৬৫) সঞ্জয় মহন্ত, অৱসৰপ্ৰাপ্ত অভিযন্তা