NORTHEAST NOW (Assamese)
অসম

পাকিস্তানৰ নিৰ্বাচন আয়োগৰ ঘোষণাঃ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ইমৰান খানে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 21, 2022 5:30 pm
পাকিস্তানৰ নিৰ্বাচন আয়োগৰ ঘোষণাঃ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ইমৰান খানে

পুনৰ বিপদত পৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। চলিত বৰ্ষৰ এপ্ৰিল মাহত নাটকীয় পৰিস্থিতিৰ মাজতে অপসাৰিত হোৱা নেতা জনে অহা পাঁচ বছৰলৈ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

আজি এই কথা ঘোষণা কৰে দেশ খনৰ নিৰ্বাচন আয়োগে।পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ বিৰুদ্ধে বিদেশৰ পৰা লাভ কৰা উপহাৰৰ তথ্য গাপ দিয়াৰ অভিযোগ উঠিছিল।

নিয়ম অনুসৰি চৰকাৰৰ মুৰব্বীসকলে বিদেশী ব্যক্তিৰ পৰা যি মূল্যৱান উপহাৰ লাভ কৰে, সেয়া দেশ খনৰ ‘তোশাখানা’ বা কোষাগাৰত ৰাখিব লাগে। ইমৰান খানে কোষাগাৰত থকা বিদেশী উপহাৰ বিক্ৰী কৰাৰ অভিযোগ উঠিছিল।

সেই বাবেই ইমৰান খানক পৰৱৰ্তী পাঁচ বছৰৰ বাবে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একে অভিযোগতে তেওঁক পাঁচ বছৰৰ কাৰাদণ্ডও বিহা হৈছে।