NORTHEAST NOW (Assamese)
অসম

চামগুৰি কাৱৈমাৰীত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল পাঁচখন কৈ দোকান

Posted by: বিদ্যুত জ্যোতি বৰা June 28, 2018 9:00 pm
cbc259fc-53f1-44e9-b626-b4ac34f56a64

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কাৱৈমাৰী বজাৰত কালি নিশা প্ৰায় দুই মান বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত পাঁচখন কৈ গেলামাল দোকান সম্পূৰ্ণৰূপে জাহ যোৱাত সমগ্ৰ অঞ্চলটোতে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে কাৱৈমাৰী  বজাৰত অৱস্থিত খাইৰুল ইছ্লাম, আব্দুল হান্নান, নাজিম উদ্দিন, আলী উল্লাহ আৰু জয়নাল আৱদিনৰ গেলামাল দোকান কেইখনত  কালি নিশা অতৰ্কিতে জুই লগাত স্থানীয় লোকৰ মাজত হুৱাদুৱা লাগে।

পিছত ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী চকীৰ আৰক্ষীদলৰ  লগতে সোনাৰিবালি আৰু আমবাগানৰ পৰা যোৱা  দুখনকৈ অগ্নি নিৰ্বাপক গাড়ী উপস্থিত হৈ প্ৰায় দুঘন্টা ধৰি নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।

জুইত ভষ্মীভূত হোৱা  দোকান কেইখনৰ প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে অগ্নি কাণ্ডটো বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলতেই  সৃষ্টি হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ  কৰিছে।