যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

নতুন দিল্লীৰ যন্তৰ-মন্তৰত চলি থকা প্ৰতিবাদৰ মাজতে বুধবাৰে পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। দিল্লী আৰক্ষীৰ অভিযোগ অনুসৰি, একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপ কৰাৰ ফলত কমেও পাঁচজন আৰক্ষী সদস্য আহত হয়। ইয়াৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে লাঠীচাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰে।
আৰক্ষীৰ মতে, প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰে। এই ঘটনাত দুজন এচিপি বিষয়াসহ কেইবাজনো আৰক্ষী সদস্য আঘাতপ্ৰাপ্ত হয়। ইয়াৰ ফলত অঞ্চলটোত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়।
ঘটনাৰ পিছত আইন-শৃংখলা পৰিস্থিতি বজাই ৰাখিবলৈ কেন্দ্ৰীয় দিল্লীৰ যন্তৰ-মন্তৰ আৰু ইয়াৰ আশে-পাশে সাময়িকভাৱে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হয়। আৰক্ষীয়ে কয় যে, গুজৱ আৰু উত্তেজনামূলক বাৰ্তা প্ৰচাৰ ৰোধ কৰাৰ উদ্দেশ্যেই এই সিদ্ধান্ত লোৱা হৈছে।
ইফালে প্ৰতিবাদকাৰী সংগঠন CJP-এ আৰক্ষীৰ অভিযোগ অস্বীকাৰ কৰি কয় যে, আৰক্ষীয়েই প্ৰথমে বলপ্ৰয়োগ কৰিছিল আৰু শান্তিপূৰ্ণ প্ৰতিবাদক দমন কৰিবলৈ লাঠীচাৰ্জ আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল। সংগঠনটোৱে আৰক্ষীৰ কাৰ্যকলাপক “অত্যাধিক বলপ্ৰয়োগ” বুলি অভিহিত কৰি প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে।