NORTHEAST NOW (Assamese)
অসম

দুধৰ্ষ চোৰাংচিকাৰী ‘কাচিম আলী’ক গ্ৰেপ্তাৰ

Posted by: উত্তম শইকীয়া July 2, 2018 12:26 pm
IMG-20180702-WA0014

বন বিভাগৰ সফলতা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ সৈতে জড়িত কাচিম আলী নামৰ দুধৰ্ষ চোৰাং চিকাৰীজনক বন কৰ্মীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে যোৱা ২৬ জুনত গুৱাহাটীৰ মহানগৰীৰ পানবজাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ উত্তৰ সংমণ্ডলৰ বন বিষয়াৰ এটা দলে  ইয়াকুব আলী নামৰ এজন চোৰাং চিকাৰীক আটক কৰিছিল।

সেই ইয়াকুব আলীৰ স্বীকাৰোক্তিৰ ভিত্তিতে চোৰাং চিকাৰী দলটোৰ অন্যতম সদস্যজনক কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ বনাঞ্চলৰ বনবিষয়া আৰু বিশ্বনাথ চাৰিআলি আৰক্ষীৰ এটা দলে বিশ্বনাথৰ কুমলীয়া মিলনপুৰৰ পৰা কাছেম আলি ওৰফে কলা নামৰ দুধৰ্ষ চোৰাং চিকাৰীজনক গ্ৰেপ্তাৰ কৰে।IMG-20180702-WA0015

আটকাধীন চোৰাং চিকাৰীজনৰ পৰা অভিযানকাৰী দলটোৱে নগদ ২ লাখ টকা আৰু এখন ৰববৰ নাও জব্দ কৰিছে। অত্যাধুনিক এই নাওঁখন কাজিৰঙাত গঁড় হত্যাত ব্যৱহৃত হয় বুলি ধৃত চোৰাংচিকাৰীজনে প্ৰাথমিক জেৰাত ব্যক্ত কৰিছে।