NORTHEAST NOW (Assamese)
অসম

নগাঁৱত অভিলেখ শৰ্মাৰ ‘ডে ড্ৰিমাৰ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

Posted by: মিণ্টু দাস July 8, 2018 12:53 pm
day dreamer

নগাঁও শ্বহীদ ভৱনত কালি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছাত্ৰী অভিলেখ শৰ্মাৰ” ডে ড্ৰিমাৰ” ( DAY DREAMER) নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত বিশিষ্ট গান্ধীবাদী নেতা হেম ভাইয়ে মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ কথা উল্লেখ কৰি কয় – এই দুই জনা মহাপুৰুষৰ অমৰ সৃষ্টি কীৰ্তন নামঘোষাই আদিও জনগণক সন্মোহিত কৰি ৰাখিছে। ইয়াক অধ্যয়ন কৰিলে আমি প্ৰতি দিনেই নতুন চিন্তাৰ উন্মেষ পাওঁ।

সাহিত্য সভাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমীয়া মানুহৰ কাৰণে সকলোকে প্ৰতিনিধিত্ব কৰিব পৰা ৰাজহুৱা তথা পবিত্ৰ অনুষ্ঠান হল অসম সাহিত্য সভা। ভাষণ প্ৰসংগত বিশ্বৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিকৰ জীৱন পৰিক্ৰমাৰ কথা উল্লেখ কৰি তেওঁ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে সমাজক সঠিক দিশত আগুৱাই নিবলৈ আহ্বান জনায়।

সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক মোহন শুক্লা, সাহিত্যক ড: নৰেন কলিতা, সাংবাদিক প্ৰতাপ হাজৰিকা, শান্তি সাধনা আশ্ৰমৰ হৃদয়ানন্দ স্বামী, বিশিষ্ট সমাজকৰ্মী ছিৰাজ উদ্দিন আহমেদ আদিয়ে অংশ গ্ৰহণ কৰে। সমাজকৰ্মী বল্লদেৱ শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

উল্লেখ্য, নগাঁৱৰ হয়বৰগাঁৱৰ তিলক প্ৰকাশনে সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ আৰু শংকৰজ্যোতি শাখা সাহিত্য সভাৰ সহযোগত গ্ৰন্থখন প্ৰকাশ কৰা হয়।