NORTHEAST NOW (Assamese)
অসম

চামগুৰিত টাটা মোবাইলসহ অৰ্ধ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

Posted by: বিদ্যুত জ্যোতি বৰা July 8, 2018 6:46 pm
ae1a238f-8cec-4397-ad7e-63bc690d6a0a

নগাঁও জিলা চামগুৰি সমষ্টিৰ কঠালগুৰিত বন বিভাগে গোপন শুত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে অভিযান চলাই অৰ্ধ লক্ষাধিক টকাৰ চোৰাং শাল আৰু চেগুন কাঠৰ কুণ্ডাভৰ্তী এখন টাটা মোবাইল গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে  শালনা আঞ্চলিক বন কাৰ্যালয়ৰ নৈশ পহৰাদাৰী বনৰক্ষী দল এটাই শনিবাৰে নিশা প্ৰায় ১.৩০ মান বজাত কঠালগুৰি খনাজানত  অভিযান চলাই এম এল ০৮ বি ১৩৯৪  নম্বৰৰ টাটা মোবাইল গাড়ীসহ চোৰাং কাঠখিনি জব্দ কৰে যদিও গাড়ীখনত থকা দুজন বন মাফিয়া পলাই যায়।

উল্লেখযোগ্য যে চোৰাং কাঠ সৰবৰাহৰ লগত জড়িত লোক দুজন পলাই যোৱা ঘটনাই আজি সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। তাৰোপৰি সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ ব্যৰ্থ হোৱা কাৰ্যই বন বিভাগৰ দুৰ্বলতাক উদঙোৱাৰ লগতে বিভাগটোৰ ব্যৰ্থতাই স্বাভাৱিকতে সচেতন মহলৰ মাজত প্ৰশ্নৰ উদ্বেগ ঘটাইছে।

ইফালে গাড়ীসহ জব্দকৃত কাঠখিনি বন বিভাগৰ অভিযানকাৰী দলটোৱে শালনা ৰেঞ্জত ৰাখিছে বুলি জানিব পৰা গৈছে।