NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছক বিদায় জনায় এইবাৰ শিৱসেনাত যোগদান বলিউদ অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 1, 2020 5:29 pm

বলিউদৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী উৰ্মিলা মাতণ্ডকাৰে মঙলবাৰে শিৱসেনাত আনুষ্ঠানিকভাৱে যোগদান কৰে।

মঙলবাৰে বলিউদৰ অভিনেত্ৰী উৰ্মিলাই মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শিৱসেনাত যোগদান কৰে।

শিৱসেনাত যোগদানৰ পূৰ্বে বিগত লোকসভা নিৰ্বাচনৰ সময়ত অভিনেত্ৰী গৰাকীয়ে কংগ্ৰেছত যোগদান কৰিছিল।

২০১৯ লোকসভা নিৰ্বাচনত উৰ্মিলাই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে উত্তৰ মুম্বাই সমষ্টিৰ পৰা প্ৰতিদ্বিন্দ্বিতা আগবঢ়াইছিল।

নিৰ্বাচনত উৰ্মিলাই বৰ্তমানৰ সাংসদ গোপাল ছেট্টীৰ বিৰুদ্ধে বিশাল ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।

বিগত ছেপ্তেম্বৰ মাহত  উৰ্মিলাই কংগ্ৰেছৰ আভ্যন্তৰীণ লেতেৰা ৰাজনীতিক দোষাৰোপ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল।

আনহাতে, আজি আনুষ্ঠানিকভাৱে শিৱসেনাত যোগদান কৰাৰ পাছত উৰ্মিলাই উদ্ধৱ থাকৰেৰ নেতৃত্বত মহাৰাষ্ট্ৰত পূৰ্ণ বিকাশ হোৱাৰ লগতে মহিলাৰ নিৰাপত্তা আৰু সবলীকৰণ সুনিশ্চিত হ’ব বুলি মত ব্যক্ত কৰে।