NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত চাঞ্চ্যলকৰ হত্যাকাণ্ড: চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা হোটেল কৰ্মচাৰীক

August 24, 2022 9:08 am

যোৱা নিশা নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলত সংঘটিত হৈছে এক ভয়াৱহ হত্যাকাণ্ড কলিয়াবৰৰ জখলাবন্ধা চিকিৎসালয়ৰ সমীপত হোৱা এই হত‍্যাকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

চিকিৎসালয়ৰ সন্মুখতে থকা বিজুস্মিতা হোটেলৰ বাৰাণ্ডাত মৃত অৱস্থাত উদ্ধাৰ হৈছে হোটলখনৰে এগৰাকী কৰ্মচাৰী।

মৃতদেহটো তেজেৰে ৰাঙলী হৈ থকালৈ চাই চোকা অস্ত্ৰৰে ঘপিয়াই হত‍্যা কৰা বুলি সন্দেহ কৰা হৈছে।

মৃত লোকজনক হোটেল বিজুস্মিতাৰে কৰ্মচাৰী পিটু দাস বুলি চিনাক্ত কৰা হৈছে।

আনহাতে নিশাৰ পৰাই অন্তৰ্ধান হৈ আছে হোটেলখনৰে কৰ্মৰত আন এজন বনুৱা শংকৰ সৰকাৰ।

আৰক্ষীয়ে এনে অৱস্থাত শংকৰেই এই হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰাৰ সন্দেহ কৰিছে।

পলাতক শংকৰ সৰকাৰ

ইতিমধ্যে শংকৰক বিচাৰি অভিযান আৰম্ভ কৰিছে জখলাবন্ধা আৰক্ষীয়ে।

ঘটনাস্থলীত মহকুমাধিপতিৰ উপস্থিতিত জখলাবন্ধা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।