NORTHEAST NOW (Assamese)
অসম

সঁচা কোন, মিছা কোন? : প্ৰশান্ত ফুকনৰ পদত্যাগপত্ৰ পোৱা নাই হেনো ৰাজ্যিক বিজেপিৰ সভাপতিয়ে

Posted by: অনিৰ্বাণ পাঠক July 8, 2018 7:39 pm
Ranjeet Das BJP to launch campaign against CAA misinformation

সেয়া বিগত এপ্ৰিল মাহৰ কথা। তেতিয়া নতুনকৈ সম্প্ৰসাৰণ হোৱা সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত স্থান লাভৰ পৰা বঞ্চিত হৈছিল ডিব্ৰুগড় বিধান সভা সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ নিৰ্বাচিত হোৱা বিজেপি বিধায়ক প্ৰশান্ত ফুকন। তাৰ বিপৰীতে মন্ত্ৰীসভাত স্থান লাভ কৰিছিল কেইবাজনো কনিষ্ঠ বিধায়কে।

এই কথাত অসন্তুষ্ট হৈছিল বিজেপিৰ বেয়া অৱস্থাৰ পৰা দলটোৰ লগত থকা জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন। তাৰ পাছতেই তেওঁ দলে তেওঁক অৰ্পণ কৰা পঞ্চায়ত নিৰ্বাচনৰ বাবে গঠিত নীতি নিৰ্ধাৰণ ৰাজ্যিক সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছিল।

যোৱা ২৬ এপ্ৰিলত দলৰ ৰাজ্যিক সভাপতিক সম্বোধন কৰি লিখা পদত্যাগ পত্ৰত বিধায়ক ফুকনে একান্ত ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে যদিও সেইদিনাই সংবাদমাধ্যমৰ সন্মুখত তেওঁ কৈছিল, “মোৰ যোগ্যতাৰ ওপৰত মোৰ নিজৰে সন্দেহ আছে। সেয়ে আজি পদত্যাগ কৰিছো।”  ইয়াৰ উপৰি ফুকনে সংবাদ মাধ্যমক কৈছিল যে ‘দলৰ ক্ষতি নহ’বলে’ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰিছে।

ইমানেই নহয়, সেইদিনাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদো ত্যাগ কৰিছিল বিধায়ক ফুকনে।

এই কথাৰ দুমাহ পাৰ হৈ যোৱাৰ পাছত আজি ৮ জুলাইত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে হঠাৎ প্ৰশান্ত ফুকনৰ পদত্যাগৰ কথাটো অস্বীকাৰ কৰে। আজি মালিগাৱঁৰ ৰং ভৱনত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, “প্ৰশান্ত ফুকনে তেতিয়া সংবাদ মাধ্যমক পদত্যাগৰ কথা অৱগত কৰাইছিল, কিন্তু পিছত আমি তেওঁৰ লগত কথা পাতিছো। মই এই বিষয় লৈ তেওঁৰ পৰা কোনো পত্ৰ পোৱা নাই। মই ভাবো আগন্তুক দিনত তেওঁ নীতি নিৰ্ধাৰণ সমিতিৰ অধ্যক্ষতা কৰি যাব।”

prashanta phukan's resignation letter
বিধায়ক প্ৰশান্ত ফুকনে পঞ্চায়ত নিৰ্বাচনৰ বাবে গঠিত নীতি নিৰ্ধাৰণ ৰাজ্যিক সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি দিয়া পত্ৰখন।

তেওঁ লগতে কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শৰ্মাক উপদেষ্টা, বিধায়ক প্ৰশান্ত ফুকনক অধ্যক্ষ আৰু মন্ত্ৰী নৱ দলেক সদস্য সচিব হিচাপে লৈ গঠিত নীতি নিৰ্ধাৰণ সমিতিখনে যি পৰামৰ্শ আগ বঢ়ায় তাৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে আগ বাঢ়িব।

ৰঞ্জিত দাসৰ এই মন্তব্যৰ পাছতেই বিধায়ক প্ৰশান্ত ফুকনৰ সৈতে নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা যোগাযোগ কৰাত বিধায়কজনে কয়, “পদত্যাগ পত্ৰ মই মেইল কৰি দিছো। আজিকালিটো সকলো মেইলৰ জৰিয়তেই হয়। গতিকে অফিচৰ মেইল আই ডিত মই পদত্যাগ পত্ৰ পঠিয়াইছো। সভাপতিয়ে মোৰ পদত্যাগ পত্ৰখন চাইছে নে নাই সেইটো মই নাজানো। তেওঁলোকে মোক একো জনোৱা নাই।”

বিধায়কজনৰ এই মন্তব্যৰ পৰা এটা কথা স্পষ্ট হ’ল যে তেওঁ পঞ্চায়ত নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ সমিতিৰ অধ্যক্ষ হৈ আছে নে নাই তেওঁ নিজেই নাজানে।

এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ দুই ধৰণৰ মন্তব্যৰ পাছত প্ৰকৃততে কোন সঁচা আৰু কোন মিছা সেয়াহে হৈ পৰিছে এটা ডাঙৰ প্ৰশ্ন।