NORTHEAST NOW (Assamese)
অসম

ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক আটক

Posted by: এন ই নাও নিউজ July 12, 2018 3:07 pm
Radha-570x320

মঙলবাৰে ডিব্ৰুগড়-ৰঙিয়া যাত্ৰীবাহী ৰে’লত সংঘটিত ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত এজনক আটক কৰিছে ৰে’ল আৰক্ষীয়ে। চি চি টি ভিৰ ফুটেজৰ ভিত্তিত তিনিচুকীয়াৰ পৰা লোকজনক আটক কৰা হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাধাৰ মাতৃৰ বৰ্ণনাৰ ভিত্তিত কলকাতাৰ স্কেচ আৰ্টিষ্ট দেৱাশিস বেনাৰ্জীয়ে ৰাধা কুমাৰীৰ হত্যাকাৰীৰ স্কেচ অংকন কৰিছিল।

ইতিমধ্যে হত্যাকাণ্ডটোৰ তদন্তৰ বাবে শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত অসম আৰক্ষীয়ে এটা বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছে বুলি আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই জানিবলৈ দিছিল।

উল্লেখযোগ্য যে মঙলবাৰে শিৱসাগৰৰ পৰা শিমলুগুৰিলৈ মাত্ৰ বিছ মিনিটৰ ৰে’লযাত্ৰাত কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ ক্ষত-বিক্ষত মৃতদেহ ডিব্ৰুগড়-ৰঙিয়া যাত্ৰীবাহী ৰে’লৰ শৌচাগাৰত উদ্ধাৰ হৈছিল।

আনহাতে উক্ত হত্যকাণ্ডৰ ২৪ ঘণ্টা অতিক্ৰম নৌহওতে বুধবাৰে পুনৰ অবধ আছাম এক্সপ্ৰেছৰ দবাৰ শৌচাগাৰত উদ্ধাৰ হৈছিল লালীমাই দেৱী নামৰ মহিলাগৰাকীৰ মৃতদেহ।

দুটাকৈ নৃশংস হত্যাকাণ্ডৰ পিছত তৎপৰ হৈ পৰা ৰে’লৱেই কৰ্তৃপক্ষই দিব্যাংগৰ বাবে সংৰক্ষিত দবাত দিনৰ ভাগত নিৰাপত্তা ব্যৱস্থাৰ নিৰ্দেশ দিয়াৰ লগতে এনে দবাত অকলশৰে উঠা মহিলাক আন দবালৈ স্থানান্তৰ কৰাৰো নিৰ্দেশ দিয়ে।