NORTHEAST NOW (Assamese)
অসম

হিমা দাসক বাঙালী বুলি দাবী কৰি ক্ষমা খুজিব লগীয়া হ’ল কলকাতাৰ নিউজ প’ৰ্টেলে

Posted by: এন ই নাও নিউজ July 14, 2018 5:59 pm
BengaliNews

হিমা দাসৰ ঈৰ্ষণীয় সফলতাই এতিয়া সকলোকে আপোনত্বৰ দাবী কৰিবলৈ উৎসাহিত কৰি তুলিছে। অসমৰ হিমা এতিয়া হৈ পৰিছে সকলোৰে হিমা। দেশৰ হিমা। দেশৰ সম্পদ। কিন্তু হিমাৰ অসমীয়া পৰিচয়, হিমাৰ গাত থকা অসমৰ মাটি-পানীৰ পৰিচয়ক যদি আন কোনোবাই তেওঁলোকৰ বুলি ক’ব খোজে?

তেনেকুৱা এটা অপপ্ৰয়াস দেখা গ’ল কলকাতাস্থিত এটা নিউজ প’ৰ্টেলৰ কৰ্মকাণ্ডত। ‘নিউজ এক্স পি বেংগালি’ (newsxp bengali) নামৰ নিউজ প’ৰ্টেলটোৰ ফেইচবুক পেইজত ১৩ জুলাইৰ দিনা, অৰ্থাৎ হিমাই বিশ্ব জুনিয়’ৰ এথলেটিকছত দেশৰ প্ৰথমটো স্বৰ্ণ পদক জিকাৰ পিছদিনাই লিখিলে,

“গর্বের সাথে শেয়ার করুন, ৪০০ মিটার দৌড়ে প্রথম ভারতীয় হিসাবে সোনা জিতলেন বাংলার হিমা দাস!’

ইয়াৰ পিছতে অসমৰ বিভিন্নজন ফেইচবুক য়ুজাৰে এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰে। হিমা দাসক বাংলাৰ হিমা দাস সজাব খোজা মানসিকতাক গৰিহণা দিয়ে বহুজনে। প্ৰথমে কাণসাৰ কৰা নাছিল যদিও প’ৰ্টেলটোৰ কৰ্তৃপক্ষই পিছত নিজৰ ভুল স্বীকাৰ কৰে আৰু পূৰ্বৰ পোষ্টটো ডিলিট কৰি দিয়ে। তাৰ উপৰি ক্ষমা প্ৰাৰ্থনা কৰে অসমৰ ওচৰত।

BengaliNews_Wrong
‘নিউজ এক্স পি বেংগালি’-এ দিয়া প্ৰথম পোষ্টটো, য’ত বাংলাৰ হিমা দাস বুলি কোৱা হৈছিল। ফটোৰ উৎস : ফেইচবুক।

প’ৰ্টেলটোৱে ক্ষমা বিচাৰি দিয়া পোষ্টটোৰ কথাখিনি—

“৪০০ মিটার দৌড়ে সোনা জিতলেন অসমের হিমা দাস! আপনি যদি তার এই সাফল্যে গর্বিত হন শেয়ার করুন!  •• গতকালের একটি পোস্টে আমরা ভুলবশত একটি ভুল তথ্য দিয়ে ফেলেছিলাম! এই অনিচ্ছাকৃত ভুলের জন্য সমস্ত অসমবাসীর কাছে আমরা দুঃখিত!”

উল্লেখযোগ্য যে বিশ্ববিশ্ৰুত সংগীতশিল্পী ড০ ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো এনেকুৱা ঘটিছিল। ভূপেন হাজৰিকাৰ জীৱনকালতে আৰু মুম্বাইত থকাৰ সময়ত ঘটা উক্ত ঘটনাত শিল্পীজনক মহাৰাষ্ট্ৰৰ বুলি দাবী কৰিছিল কিছুমান পক্ষই।