NORTHEAST NOW (Assamese)
অসম

প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ মৃত্যু বাৰ্ষিকী ‘ছাত্ৰ সংহতি দিৱস’ আয়োজন এবিএমছুৰ

Posted by: এন ই নাও নিউজ July 15, 2018 11:43 pm
abmsu

এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ মৃত্যু বাৰ্ষিকীৰ দিনটো ‘ছাত্ৰ সংহতি দিৱস’ৰূপে পালন কৰিব সংগঠনটোৱে।

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ আজি ১৫ জুলাইত অনুষ্ঠিত এখন সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

কোকৰাঝাৰৰ ভোটগাঁৱত এবিএমছুৰ সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলিৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাখনত আমিৰ আলিক সভাপতি আৰু ছকমত আলিক সাধাৰণ সম্পাদক হিচাপে লৈ ‘ছাত্ৰ সংহতি দিৱস’ উদযাপনৰ বাবে ৩১ জনীয়া এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

সাধাৰণ সভাখনত ছাত্ৰ সংগঠনটোৰ বিভিন্ন জিলা আৰু কেন্দ্ৰীয় সমিতিৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে৷

‘ছাত্ৰ সংহতি দিৱস’ পালনত সংগঠনটোৱে সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।