NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ উৎকোচ গ্ৰহণৰ অপৰাধত গ্ৰেপ্তাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2024 9:23 am

অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে বুধবাৰে কাছাৰৰ শিলচৰত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।

অভিযুক্তক কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক সৌম্যব্ৰত ভট্টাচাৰ্য্য বুলি  চিনাক্ত কৰা হৈছে।

ভূমি সংক্ৰান্তীয় এক কামত অভিযোগকাৰীৰ পৰা ভট্টাচাৰ্য্যই ২০০০ টকা উৎকোচ দাবী কৰাৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়কঃকুৱেইটত অগ্নিকাণ্ডত ৪০ জন ভাৰতীয়ৰ মৃত্যু; জৰুৰী বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী, সাহায্য ঘোষণা

উৎকোচ দিবলৈ অনিচ্ছুক অভিযোগকাৰীয়ে আইনী হস্তক্ষেপৰ বাবে সঞ্চালকালয়ক এই বিষয়ে অৱগত কৰে। সঞ্চালকালয়ৰ এটা দলে জিলা আয়ুক্তৰ কাৰ্যালয়ত জাল পাতি ভট্টাচাৰ্য্যক আটক কৰে।

অভিযোগকাৰীৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ সময়তে অভিযুক্ত চৰকাৰী বিষয়াজনক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উৎকোচৰ ধন ভট্টাচাৰ্য্যৰ পৰা উদ্ধাৰ কৰা হয় আৰু স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত জব্দ কৰা হয়।

লগতে পঢ়কঃ ICC T-20 World Cup: টী-২০ বিশ্বকাপত জয়ৰ হেট্ৰিকেৰে অপ্ৰতিৰোধ্য ভাৰত; আমেৰিকা যুক্তৰাষ্ট্ৰকো হৰুৱালে ভাৰতে

১২ জুনত এচিবি থানাত এচিবি থানাৰ গোচৰ নং ৪৭/২০২৪ৰ অধীনত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ ধাৰা ৭(ক) আৰোপ কৰি এটা গোচৰ ৰুজু কৰা হৈছে।