NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ বেবেজীয়াত যাত্ৰীবাহী বাছৰ খুন্দাত নিহত চাইকেল আৰোহী

Posted by: মিণ্টু দাস July 17, 2018 10:20 pm
দুৰ্ঘটনা
নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত মাহৰিআটিত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন ব্যক্তি থিতাতে নিহত হয়। নিহত লোকজন বেবেজীয়াৰ দাঁতি কাষৰীয়া জাগিয়াল প্ৰবীণ বৰদলৈ (৪০) বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ-উৰিয়াগাঁও সংযোগী চাৰিলেনযুক্ত বাইপাছ পাৰ হ’বলৈ ধৰোতেই গুৱাহাটীৰ পৰা ডিফু অভিমুখী এ এছ ০৯-এ চি-৩১১১ নম্বৰৰ আলট্ৰা বাছখনে চাইকেলেৰে ৰাস্তা পাৰ হ’বলৈ ধৰা প্ৰবীণ বৰদলৈক পিছফালৰ খুন্দা মৰাত দুৰ্ঘটনাতো সংঘটিত হয়।
দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৰদলৈক বেবেজীয়া আৰক্ষীৰ তৎপৰতাত তাৎক্ষণিকভাৱে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে লোকজনে মৃত্যুক আঁ‌কোৱালি লয় বুলি জানিব পৰা গৈছে।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰি বাছখনে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও বেবেজীয়া আৰক্ষীয়ে বাছখন জব্দ কৰিবলৈ সক্ষম হয়।