NORTHEAST NOW (Assamese)
অসম

গীতানগৰ আৰক্ষীৰ জালত ৭ জনীয়া দুৰ্ধৰ্ষ চোৰৰ দল; জব্দ তিনিখন স্কুটী

Posted by: এন ই নাও নিউজ July 18, 2018 1:24 pm
37357039_832004837190300_8997724273418174464_n

মহানগৰীৰ গীতানগৰ আৰক্ষীৰ বাবে এক বৃহৎ সফলতা। এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে আজি গীতানগৰ আৰক্ষীয়ে অভিযান চলাই এটা গভাইত চোৰৰ দলক আটক কৰে।

৭ জন চোৰৰ সদস্যৰে গঠিত এই সন্ত্ৰাস সৃষ্টিকাৰী দলটোক আৰক্ষীয়ে আটক কৰাৰ উপৰি দলটোৰ পৰা তিনিখন স্কুটী, তিনিটা ম’বাইল, এটা গাড়ীৰ বেটাৰীৰ লগতে বহুতো সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে আটক কৰা চোৰকেইজন ক্ৰমে ৰাজ হাজৰিকা, গুণজিৎ বৰ্মন, দ্বীপজ্যোতি দাস, ছাহিল আলী, শম্ভু দাস, দ্বীপজ্যোতি হাজৰিকা আৰু আকাশ চৌহান বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি এই চোৰৰ দলটোৱে গীতানগৰ তথা ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত চুৰিকাৰ্য সংঘটিত কৰি আহিছিল।

গীতানগৰ আৰক্ষীৰৰ মূৰৰ কামোৰণি হৈ পৰা এই চোৰৰ দলটোক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰাই চেষ্টা চলাই আছিল যদিও অৱশেষত আজি মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই চোৰৰ দলটোৰ লগত জড়িত ৭ জন চোৰক আটক কৰে।

জানিব পৰা মতে বৰ্তমান এই চোৰৰ দলটোক গীতানগৰ আৰক্ষী থানাতে ৰাখি সোধা-পোচা অব্যাহত ৰাখিছে।