NORTHEAST NOW (Assamese)
অসম

লোক সভাতো দেখা গ’ল ‘হিমা দাস’ৰ সফলতাৰ জয়গান

Posted by: এন ই নাও নিউজ July 19, 2018 9:41 am
hima das assam

ফিনলেণ্ডত অনুষ্ঠিত ২০ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ  চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসক বুধবাৰে অভিনন্দন জনালে লোক সভাই। বুধবাৰে সংসদৰ শূন্যকালীন কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে লোক সভাৰ অধ্যক্ষা সুমিত্ৰা মহাজনে স্প্ৰীণ্টাৰ হিমা দাসৰ প্ৰসংগ উল্লেখ কৰি কয় যে দাসে দেশবাসীক গৌৰৱান্বিত কৰিছে। তেওঁৰ এই সফলতাক আমি অভিনন্দন জনাইছো।

কৃষক পৰিয়ালৰ কন্যা হিমা দাসৰ কঠিন অনুশীলন, সংকল্প আৰু জীৱনবোধৰ কথা উল্লেখ কৰি মহাজনে এয়া এগৰাকী ছোৱালীৰ কঠিন অধ্যৱসায়ৰ ফল বুলি মত ব্যক্ত কৰে। হিমাৰ এই সফলতাই ভাৰতৰ সমগ্ৰ উদীয়মান প্ৰজন্মক উৎসাহ তথা প্ৰেৰণা যোগাইছে, যিটো ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ। অনাগত দিনত যাতে হিমাই দেশলৈ আৰু অধিক সফলতা অৰ্জন কৰিব পাৰে তাৰ বাবে কামনা কৰে লোকসভাৰ অধ্যক্ষাগৰাকীয়ে।

উল্লেখযোগ্য যে লোক সভাই হিমা দাসক শুভেচ্ছা আৰু অভিনন্দনেৰ ওপচাই পেলোৱাৰ বিপৰীতে ৰাজ্য সভাই তেওঁক অভিনন্দন নজনোৱাত ক্ষোভ ব্যক্ত কৰিছে ৰাজ্য সভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। সাংসদজনে ৰাজ্য সভাত হিমা দাসক কিয় অভিনন্দন জনোৱা নহ’ল বুলি ৰাজ্য সভাৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক প্ৰশ্ন উত্থাপন কৰি এয়া ৰাজ্যবাসীৰ বাবে এক প্ৰতাৰণা বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে নাইডুৱে এই সন্দৰ্ভত কোনোধৰণৰ মত ব্যক্ত নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে সাংসদ ভূৱনেশ্বৰ কলিতা আৰু ৰিপুন বৰাই।

জানিব পৰা মতে অসমৰ সাংসদদ্বয়ে ৰাজ্য সভাৰ কংগ্ৰেছৰ নেতা গোলাম  নবী আজাদক সমগ্ৰ বিষয়টো সন্দৰ্ভত অৱগত কৰি দলীয়ভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়।