NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ধাৰাসাৰ বৰষুণ আৰু ভূমি-স্খলনত বিধ্বস্ত কাঞ্চনপুৰ-জামপুই পাহাৰ সংযোগী পথ

Posted by: পান্না ঘোষ July 19, 2018 4:51 pm
road kanchanpur

বিগত কেইদিনমান ধৰি আহি থকা ধাৰাসাৰ বৰষুণৰ আৰু ভূমি-স্খলনৰ ফলত কাঞ্চনপুৰ মহকুমাৰ সদৰ আৰু জামপুই পাহাৰক সংযোগ কৰা পথটো বিধ্বস্ত হৈ পৰিছে। উল্লেখ্য যে মিজোৰামক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ নং ৪৪ (ক)ৰ অৱস্থা অতি বিপদ-সংকুল হৈ পৰিছে আৰু যদিহে অচিৰেই কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে সমগ্ৰ পথটোৱেই নিঃচিহ্ন হৈ পৰিব।

ভূমি-স্খলনৰ পাছত এই ৰাষ্টাটো ভাগি পৰিছে। উল্লেখ্য যে প্ৰাকৃতি শোভাৰ বাবে জামপুই পাহাৰ পৰ্যটকৰ ওচৰত অতি হেঁপাহৰ ঠাই। কিন্তু পথটোৰ শোচনীয় অৱস্থাৰ বাবে এই পথেৰে পৰ্যটকসকল  জামপুই পাহাৰলৈ আহিব পৰা নাই।

এই ঠাইত পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা থকা সত্বেও কৰ্তৃপক্ষই ইয়াত পৰ্যটনৰ বিকাশৰ বাবে পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

অৱশ্যে, খণ্ড উন্নয়ন বিষয়া সজল দেবনাথৰ সৈতে যোগাযোগ কৰাত তেওঁ কৈছে যে জনসাধাৰণৰ সহযোগত এটা বিকল্প পথ নিৰ্মাণ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে।