NORTHEAST NOW (Assamese)
অসম

দেৱালীৰ দিনা ফটকা আৰু আকাশবন্তিৰে আলোকিত হ’ল ওদালগুৰিৰ নিশাৰ আকাশ

November 8, 2018 11:01 am
DSC_2817

অসমৰ আন আন অংশৰ লগতে ওদালগুৰিতো পৰম্পৰাগত ধৰ্মীয় পৰম্পৰাৰে পালিত হৈছে পোহৰৰ উৎসৱ দেৱালী। দেৱালী উপলক্ষে ওদালগুৰি সন্ধিয়াৰে পৰা আৰম্ভ হোৱা পোহৰৰ উৎসৱ দেৱালী নিশালৈকে পালিত হ’ল।

নিশাৰ আকাশ উজলাই তুলিলে আকাশ বন্তিয়ে।

ওদালগুৰিৰ ৰাজপথতো দেৱালীৰ উদযাপন পৰিলক্ষিত হয়। দেৱালীৰ লগতে কালীপূজাও অনুষ্ঠিত কৰা হয়। ভক্তসকলে বিভিন্ন ধৰ্মীয় পৰম্পৰাৰে আহ্বান কৰে তেওঁৰলোকৰ উপাস্য দেৱী কালী গোঁসানীক। দেৱালীয়ে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় লাভকেই প্ৰতীকীভাৱে দেখুৱায়।

দেৱালীৰ দিনা কলাইগাঁও, ওদালগুৰি, ৰৌতা আদি অঞ্চলক ন-কইনাৰ দৰে সজাই পৰাই তোলা হয়।

দেৱালী উদযাপনৰ সৈতে সংগতি ৰাখি সকলো বাসগৃহকে ধৰি সমুহীয়া অনুষ্ঠানসমূহৰ প্ৰৱেশদ্বাৰত ৰংগোলী অঁকা দেখা যায়।

ভাৰতীয় পৌৰাণিক কাহিনী অনুসৰি, ভগৱান ৰামে ১৪ বছৰ বনবাসৰ পৰা উভতি অহাৰ পাছত প্ৰজাই তেওঁক মাটিৰ চাকি জ্বলাই আদৰণি জনাইছিল। এই দিনটোতেই ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীকো পূজা অৰ্চনা কৰা হয়। দেৱালীৰ ফটকা-আটচবাজিৰ উচ্ছাসৰ মাজতে জনসাধাৰণে পৰস্পৰে পৰস্পৰৰ মাজত মিঠাই মিঠাই বিতৰণ কৰে।