NORTHEAST NOW (Assamese)
অসম

বৰপেটাত আৰু অধিক উচ্ছেদ অভিযান চলোৱাৰ দাবী খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ

Posted by: এন ই নাও নিউজ November 8, 2018 11:16 am

বৰপেটা জিলা প্ৰশাসনে মুখ্য মন্ত্ৰী সোণোৱালৰ নির্দেশ মর্মে গণককুছি ৰিজাৰ্ভ আৰু মথাউৰিত চলা বেদখল উচ্ছেদ কৰা কাৰ্যক আদৰণি জনাইছে খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ বৰপেটা জিলা সমিতিয়ে।

সংবাদ মাধ্যমলৈ পঠোৱা এক বিজ্ঞপ্তিত সংগঠনটোৰ জিলা সমিতিৰ অধ্যক্ষ অনিল কুমাৰ দাস আৰু সচিবপ্ৰধান সত্যেন্দ্ৰ নাথ দাসে জিলাখনৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন বিল, জলাশয় আৰু চৰকাৰী ভূমিত ব্যাপক হাৰত বেদখল হৈ আহিছে বুলি উল্লেখ কৰে। যাৰ ফলত তেওঁলোকৰ মতে মীন উৎপাদনৰ যথেষ্ট সম্ভাৱনা থকা অঞ্চলটোৰ বৃহৎ বিলসমূহ ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে।

বিজ্ঞপ্তিটোৰ জৰিয়তে তেওঁলোকে জিলাখনৰ বাঘবৰ সমষ্টিৰ গোবিন্দপুৰ ৰিজাৰ্ভ, ধানবান্ধাৰ ধান গৱেষণা কেন্দ্ৰৰ ভূমি, বিভিন্ন সত্ৰ, দেৱালয়, জলাশয়, বনাঞ্চল, চৰকাৰী ভূমি আৰু মথাউৰি আদিত শীঘ্ৰে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰিবলৈ প্ৰশাসনক দাবী জনায়।

তদুপৰি সংগঠনটোৰ মূখ্য আহ্বায়ক গোবিন্দ গায়নেও বৰপেটাৰ বিভিন্ন বনাঞ্চল, জলাশয়, পাহাৰ, গো-ৰিজাৰ্ভ, সত্ৰৰ মাটি, মন্দিৰ-মছজিদ, দেৱালয় আদি বেদখলমুক্ত কৰাৰ বাবে মুখ্য মন্ত্ৰীক বিশেষ উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।