NORTHEAST NOW (Assamese)
অসম

এয়াৰচেল-মেক্সিছ বিত্তীয় কেলেংকাৰিৰ চাৰ্জশ্বীটত অসমৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নাম

Posted by: এন ই নাও নিউজ July 20, 2018 1:10 pm
কুমাৰ সঞ্জয় কৃষ্ণ

বহু কোটিটকীয়া এয়াৰচেল- মেক্সিছ বিত্তীয় কেলেংকাৰি সন্দৰ্ভত চি বি আয়ে বৃহস্পতিবাৰে পাটিয়ালা হাউছ আদালতত নতুনকৈ দাখিল কৰা চাৰ্জশ্বীটত প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কীৰ্তি চিদাম্বৰমৰ সৈতে নাম উল্লেখ কৰা ১৬জন বিষয়াৰ ভিতৰত আছে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নাম।

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সঞ্জয়কৃষ্ণ বৰ্তমান অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবৰ উপৰি ৰাজহ বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছে। আনহাতে, এয়াৰচেল-মেক্সিছ কেলেংকাৰিটো সংঘটিত হোৱাৰ সময়ত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী যুটীয়া সচিবৰূপে কৰ্মৰত হৈ আছিল।

জানিব পৰা মতে, ভাৰতীয় দণ্ডিবিধিৰ ১২০ বি আৰু বি চি আইনৰ ৭,১২১৩ (২) অনুসৰি এই নতুন চাৰ্জশ্বীট দাখিল কৰা হৈছে।

কুমাৰ সঞ্জয় কৃষ্ণৰ উপৰি চি বি আইৰ নতুন চাৰ্জশ্বীটত নাম অন্তৰ্ভুক্ত বিষয়াসকল হৈছে ক্ৰমে অৰ্থনৈতিক পৰিক্ৰমা দপ্তৰৰ প্ৰাক্তন কেন্দ্ৰীয় সচিব অশোক কুমাৰ ঝা, তদানীন্তন অতিৰিক্ত সচিব অশোক চাওলা, সঞ্চালক দীপক কুমাৰ সিং, অবৰ সচিব ৰামচৰণ আৰু এ ভাস্কৰন।

এই বিষয়াসকলৰ উপৰি বহু কোটিটকীয়া কেলেংকাৰিটোৰ চাৰ্জশ্বীটত চি বি আয়ে এ পালানিয়াপ্পাম আৰু ভি শ্ৰীনিবাসনৰ নামো উল্লেখ কৰিছে।

ইপিনে, চাৰ্জশ্বীটত চিবিআয়ে নাম উল্লেখ কৰা এই বৃহৎ কেলেংকাৰিটোত জড়িত থকা কোম্পানীকেইটা হৈছে চেজ মেনেজমেণ্ট, এড্‌ভাণ্টেজ ষ্ট্ৰেটেজিক কনছাল্টিং প্ৰাইভেট লিমিটেড, এষ্ট্ৰ অ’ল্ড এছিয়া নেটৱৰ্ক, মেক্সিছ মোবাইল মালয়েছিয়া, বুমি আৰ্মাডা বাৰ্হাট (মালয়েছিয়া) আৰু মালয়েছিয়াৰ বুমি আৰ্মাডা নেভিগেশ্বন।