NORTHEAST NOW (Assamese)
অসম

আটাইকেইটা বিৰোধী দল এক হ’লে লোকসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত : তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া July 21, 2018 9:23 pm

“যদি আটাইকেইটা বিৰোধী দল একত্ৰিত হয়, তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি পৰাজয়বৰণ কৰিব।”

শনিবাৰে মানবেন্দ্ৰ শৰ্মাৰ চৌহদত অসম প্ৰদেশ কংগ্ৰেছে তৰুণ গগৈক সম্বৰ্ধনা জনোৱাৰ পাছতেই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। “বিৰোধী দলৰ মাজত ভাগ-ভাগ হৈ গ’লে দিগদাৰ আছে।” তেওঁ এইদৰেও কয়।

তদুপৰি, বিগত লোকসভা নিৰ্বাচনত ‘বিজেপিৰ ভোট শ্বেয়াৰিং ৩১ শতাংশহে আছিল’ বুলি মন্তব্য কৰি গগৈয়ে লগতে কয়, “মোদী সকলোতকৈ কম ভোট লাভ কৰি হোৱা প্ৰধান মন্ত্ৰী, কিন্তু বিশ্বত তেওঁ আজি নিজকে কি ৰূপত দাঙি ধৰিছে?”

কেইদিনমান পূৰ্বে মোদীয়ে সমগ্ৰ ভাৰতৰ ভিতৰত ভিন্ন দপ্তৰত ১ লাখ চাকৰি দিয়াৰ কথা জানিবলৈ দি গগৈয়ে সাংবাদিকৰ আগত মোদীলৈ প্ৰশ্নবাণ নিক্ষেপ কৰি কয় “অসমত কিমান দিলে মোক তাৰ উত্তৰ লাগে। অসম ভাৰতৰ ভিতৰত নহয় নেকি?”

আনহাতে, কালি সংসদ চলি থকাৰ সময়তে ভাষণৰ অন্তত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাবটি ধৰা বিষয়টোক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ বিপৰীতে ‘ৰাহুলে একো ভুল কৰা নাই’ বুলিহে কয় প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, “কাৰোবাক সাবটি ধৰাটো ভুল হ’ব নোৱাৰে। মই যদি কাৰোবাক সাৱটি ধৰো তেন্তে কোনো ভুল কৰা নহয়। সাবটি ধৰাটো কেৱল ভাৰতীয় পৰম্পৰা নহয়, সকলো দেশৰে পৰম্পৰা।”

“সংসদত ৰাহুলে মোদীক প্ৰহাৰ কৰা হেঁতেন বেলেগ কথা আছিল। সংসদত গৈ সাবটি ধৰা, হেণ্ডছেক কৰাটো কেনেকৈ অসংসদীয় হ’ব পাৰে?” গগৈয়ে কয়।

ইয়াৰোপৰি স্বভাৱসূলভ ভৱে মোদীক সমালোচনা কৰা গগৈয়ে প্ৰধান মন্ত্ৰীয়ে বাহিৰৰ দেশলৈ গৈ প্ৰধান মন্ত্ৰীসকলক বেছিকৈ সাবটি ধৰে বুলি দাবী কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নিজেই এগৰাকী হাগ এক্সপাৰ্ট বুলি মোদীক কটাক্ষও কৰে গগৈয়ে।

তাৎপৰ্য্যপূৰ্ণভাৱে, লোকসভাৰ অধ্যক্ষাই বেয়া পালেও কওঁ বুলি কৈ গগৈয়ে লগতে কয়, “তেওঁ যদি সাবটি ধৰাত বেয়া পাইছিল, তেন্তে লগে লগে অসাংবিধানিক বুলি নকৈ পাছত কিয় ক’লে?”

আনহাতে মোদীয়ে বাহিৰত ৰাহুল গান্ধীক পৰিপক্ব নহয় বুলি দেখুৱাব বিচাৰে বুলি সদৰী কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে। তেওঁ কয় “ৰাহুল যদি পৰিপক্ব নহয়েই, তেন্তে তেওঁ কিয় বাৰেপতি ৰাহুল গান্ধীক আক্ৰমণ কৰি থাকে?”

ইয়াৰোপৰি কংগ্ৰেছ দলৰ কোনো নেতাৰে অহংকাৰ নাই বুলি দাবী কৰি তেওঁ লগতে কয় “মোদীয়ে কোৱাৰ দৰে কংগ্ৰেছৰ যদি অহংকাৰেই পতনৰ কাৰণ হ’লহেঁতেন, তেন্তে মোদীৰ ওচৰলৈ ৰাহুল গান্ধী কিয় গৈছিল? ৰাহুল গান্ধীৰ মন পৱিত্ৰ, মোদীহে অহংকাৰী, তেওঁ নিজেই কয়, তেওঁক ২৪ চনলৈকে কোনেও পৰাজিত কৰিব নোৱাৰে বুলি।”

“যদি বিজেপি দল দুৰ্নীতিপৰায়ণ নহয়েই তেন্তে ইমানবোৰ ধন খৰচ কৰিবলৈ ক’ত পায়?” বিজেপিৰ প্ৰতি প্ৰশ্ন প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ।

আনহাতে, মোদীয়ে নিজক চকীদাৰ বুলি কয় যদিও চকীদাৰ এজন ইমান ধনী কেনেকৈ হ’ল? বুলি প্ৰশ্ন কৰি গগৈয়ে লগতে কয়, “তেওঁ ক’ৰবাত চুৰ-ডকাইত কৰিলেহে টকা পাব।”

আনহাতে, ‘মোদীয়ে ঘৃণাৰ ৰাজনীতি কৰে’ বুলি সদৰী কৰি ৰাহুল গান্ধীয়ে কালি সংসদত দিয়া ভাষণৰ প্ৰসংগ টানি আনি কয় “মোদীৰ ৰাজনীতি ঘৃণাৰে ভৰপূৰ আৰু ৰাহুল গান্ধীৰ ৰাজনীতি ভালপোৱাৰে ভৰপূৰ বুলি কালি ভাষণত ৰাহুল গান্ধীয়েই উল্লেখ কৰিছিল।”

ৰাহুল গান্ধীৰ মনত পৱিত্ৰ ভাবেৰে পৰিপূৰ্ণ নোহোৱা হেঁতেন তেওঁ মোদীক ইমানখিনি সমালোচনা কৰাৰ পাছতো কেনেকৈ সাৱটি ধৰিব পাৰিলে বুলি প্ৰশ্ন কৰে গগৈয়ে।