NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ : ৰাজপথত মৃতদেহ থৈ নগাঁৱৰ কদমনিত ৰাইজৰ পথ অৱৰোধ

Posted by: মিণ্টু দাস July 23, 2018 10:44 am
kadamani

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিত দেওবাৰে হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি নগাঁও আৰক্ষীৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাৱ্যস্ত কৰে। নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিত ৰাইজে পথ অৱৰোধ কৰি আৰক্ষীৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিত ৰাইজে মৃতদেহ ৰাস্তাত লৈ পথ অৱৰোধ কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কদমনি গাঁৱৰ প্ৰয়াত আব্দুল কাসেম আলীৰ ৪০ বছৰীয়া পুত্ৰ এমৰান হুছেইনৰ শনিবাৰে বিয়লি ৰহস্যজনকভাৱে ধিং আৰক্ষী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱত মৃতদেহ উদ্ধাৰ হৈছিল।

পৰিয়ালৰ লোকে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে হত্যাৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ লোকে শনিবাৰে পুৱা একে গাঁৱৰে বন্ধু বাবুল ইছলাম আৰু নুৰুদ্দিনে এমৰান হুছেইনক ঘৰৰ পৰা মাতি নিয়াৰ অভিযোগ উত্থাপন কৰে।

ইয়াৰ পিছতে দেওবাৰে বিয়লি প্ৰায় ৫ বজাত স্থানীয় ৰাইজে এমৰানৰ মৃতদেহ নগাঁও-ধিং গড়কাপ্তানি পথত থৈ পথ অৱৰোধ কৰে আৰু এমৰানৰ  হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ৰাইজে চাৰি কণ কণ সন্তানৰ পোহ-পালৰ দায়িত্ব পিতৃৰ মৃত্যুৰ পিছত কোনে গ্ৰহণ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে।

পথ অৱৰোধৰ ফলত গড়কাপ্তানি পথটোত যান-জঁ‌টৰ সৃষ্টি হয়। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী  উপস্থিত হয় যদিও বহু সময়লৈকে ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখে। ৰাইজে হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নাই কৰা বুলিও অভিযোগ উত্থাপন কৰে।