NORTHEAST NOW (Assamese)
অসম

আজিৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত; ‘প্ৰণাম’ আইনত অনুমোদন

Posted by: অনিৰ্বাণ পাঠক July 23, 2018 8:39 pm
AssamCabinet

আজি জনতা ভৱনত অনুষ্ঠিত এখন কেবিনেট বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো সন্দৰ্ভতো গুৰুত্বসহকাৰে এই কেবিনেটত আলোচনা কৰা হয়।

কেবিনেটে এন আৰ চিত নাথ নাথাকিলেও জনসাধাৰণক শংকিত নহ’বলৈ আহ্বান জনায়। এই সন্দৰ্ভত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এয়া খচৰাহে। সকলোৱে নিজক ভাৰতীয় নাগৰিক হিচাপে প্ৰতিপন্ন কৰাৰ সুযোগ পাব৷ নাম নহা মানেই যে ডিটেইনশ্যন কেম্পলৈ যাব লাগিব তেনেকুৱা নহয়। নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন কৰিব পাৰিব৷

কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্তৰ ভিতৰত-

১। অ’ বি চি আৰু এম অ’ বি চি বৰ্গৰ চাকৰি প্ৰাৰ্থীৰ বয়স আৰু তিনি বছৰ ৰেহাইৰ সিদ্ধান্ত লয় কেবিনেটে। ফলত ৪৩ৰ পৰা ৪৭লৈ বৃদ্ধি হ’ব এই বৰ্গৰ প্ৰাৰ্থীৰ চাকৰি লাভৰ ন্যূনতম বয়স।

২। গুৱাহাটী আই আই টিৰ বাবে মাটি দিয়া ২২৫টা পৰিয়ালক মাটি দিয়াৰ বিনিময়ত সংস্থাপিত কৰাৰ সিদ্ধান্ত।

৩। হিমা দাসক অসমৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে অনুমোদন।

৪। প্ৰণাম আইনখনত কেবিনেটৰ অনুমোদন।

৫। য়ু জি চিৰ ৰিভাইচ‌ড স্কেলত অনুমোদন৷ কাৰিকৰী মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীক ৰিভাইচ‌ড স্কেইলত দৰমহা দিয়াৰ সিদ্ধান্ত।

৬। বিনিয়োগ অসম বা ইনভেষ্ট আছাম আৰম্ভ কৰিব উদ্যোগ বিভাগে৷ অসমত প্ৰথমবাৰৰ বাবে ষ্টাৰ্ট আপ ৰ শুভাৰম্ভ ঘটিব৷ ষ্টাৰ্ট আপৰ মুখ্য কাৰ্য্যালয়ৰ স্থান আমবাৰীত হ’ব৷ ৫০ লাখ টকা পৰ্য্যন্ত অনুদান দিব চৰকাৰে৷

৭। হোজাইৰ ছ’চিয়েল ফৰেষ্ট্ৰি চেণ্ট্ৰেল আছাম ডিভিজনলৈ নিয়া হ’ব৷ বিশ্বনাথত হ’ব ডিভিজনটো৷