NORTHEAST NOW (Assamese)
অসম

টীয়কত দুৰ্ঘটনাত পতিত কৃষি মন্ত্ৰী অতুল বৰাৰ কনভয়; ছয়জন লোক আহত

Posted by: ৰাজীৱ দত্ত July 25, 2018 2:11 pm
Untitled

আজি ৰাতিপুৱাই যোৰহাট জিলাৰ টীয়কত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় অসম গণ পৰিষদ দলৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ কনভয়।

জানিব পৰা মতে গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী হাঁহচৰাৰ সমীপত এএছ-০৪ এচি/৮৮৫৯ নম্বৰৰ এখন ডাম্পাৰৰ সৈতে মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এএছ -২৫ বিচি/১৩১১ নম্বৰৰ গাড়ী খনৰ মুখামুখি সংঘৰ্ষ হয়।

উল্লেখ্য যে এই দুৰ্ঘটনাত মন্ত্ৰী অতুল বৰাৰ কনভয়ত থকা নিৰাপত্তাৰক্ষী ৰতন সোণোৱাল, হিতেশ দাস,কদৰ আলি,দেৱজিৎ দাস, বাবুল ৰংপী আৰু চালক দেৱেশ্বৰ মেধি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে আহত লোক কেইজনক প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে টীয়ক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তী কৰোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰি পথৰ দাঁতিত বাগৰি পৰা ডাম্পাৰ খনৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে।

অৱশ্যে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত উপস্থিত নাছিল মন্ত্ৰী অতুল বৰা।