NORTHEAST NOW (Assamese)
অসম

মাকুমত এন এছ চি এন (আই এম)ৰ সদস্য আটক

Posted by: মানস প্ৰতিম গগৈ March 23, 2019 6:49 pm

তিনিচুকীয়াৰ মাকুমত সেনা-আৰক্ষীয়ে অভিযান চলাই এজন এন এছ চি এন (আই এম)ৰ সদস্যক আজি আটক কৰিবলৈ সক্ষম হয়৷

এক গোপন সূত্ৰৰ পম খেদি ভাৰতীয় সেনা বাহিনীৰ তিনি নং গাৰোৱাল ৰেজিমেণ্ট আৰু আৰক্ষীৰ এটা দলে অভিযান চলাই বিশ্বজিৎ পাংগে নামৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্যজনক আটক কৰিবলৈ সক্ষম হয়।

লগতে আৰক্ষীয়ে ধৃত এন এছ চি এন (আই এম)ৰ সদস্যজনৰ পৰা এটা ৯ এম এম পিষ্টলসহ চাৰি জাঁই সজীৱ গুলীও উদ্ধাৰ কৰিবলৈ সক্ষম  হয়৷ আটকাধীন এন এছ চি এন (আই এম)ৰ সদস্যজনৰ ঘৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ বগৰীবাৰীত বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।