NORTHEAST NOW (Assamese)
অসম

ৰংজুলিত  চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান : কাঠসহ জব্দ পিকআপ ভান

Posted by: নীলমণি শৰ্মা July 28, 2018 12:58 pm
IMG-20180728-WA0006

গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলত অবাধে চলি থকা চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে শেহতীয়াভাৱে এটা অভিযান আৰম্ভ কৰিছে। ৰংজুলিৰ আঞ্চলিক বন বিষয়া বলেন কুমাৰ দাসৰ নেতৃত্বত বন কৰ্মীৰ এটা অভিযানকাৰী দলে কালি আবেলি বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ আৰু কাঠ সৰবৰাহত ব্যৱহাৰ কৰা এখন পিকআপ ভান।

ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ঘাগ্ৰা ৰিজাৰ্ভৰ দাফিমাৰা’ত দিন দুপৰতে অসংখ্য অপৰিণত শাল গছ কাটি নিয়াৰ যো-জা চলাইছিল এচাম অসাধু কাঠ ব্যৱসায়ীয়েl বিশেষ সূত্ৰে  এই খবৰ পাই  বন বিভাগে আকস্মিক ভাবে উক্ত স্থনত অভিযান চলায়।

বন বিভাগৰ বৃহৎ দলটোৰ অভিযানৰ উমান পাই চোৰাং ব্যৱসায়ীসকল পলাবলৈ সক্ষম হয় যদিও বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠখিনিৰ সৈতে চোৰাং ব্যৱসায়ীকলে ব্যৱহাৰ কৰা এখন পিকআপ ভান গাড়ী জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগl

জব্দকৃত গাড়ী খনৰ পঞ্জীয়ন নম্বৰ – AS 18 – C – 3238 আৰু জব্দ কৰা শাল কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ বিশ হাজাৰ টকাতকৈয়ো অধিক হ’ব বুলি বন আঞ্চলিক বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে