NORTHEAST NOW (Assamese)
অসম

এন আৰ চি প্ৰকাশৰ সময়ত উৰা বাতৰিত বিশ্বাস নকৰিব : মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

Posted by: এন ই নাও নিউজ July 29, 2018 1:07 pm
দিব্যজ্যোতি শইকীয়া

‘উৰা বাতৰিত ৰাইজ ভোল নাযাব। এন আৰ চি প্ৰকাশৰ সময়ত দুষ্টচক্ৰই অপপ্ৰচাৰৰ জৰিয়তে সৃষ্টি কৰিব পৰা অশান্তিৰ প্ৰতি সজাগ হৈ থাকিব।‘ শনিবাৰে তেজপুৰৰ গেটলুংস্থিত সূৰ্যোদয় হাইস্কুল প্ৰাংগনৰ শংকৰ-আজান প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সজাগতা সভাত এই আহ্বান জনায় মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই।

শইকীয়াই কয় যে ৰাজ্যখনৰ গাওঁসমূহত তথা ভিন্ন অঞ্চলত যিসকল লোকে স্থানীয়ভাৱে নেতৃত্ব প্ৰদান কৰে তেওঁলোকে কোনটো বিষয়ত কেনেদৰে কামকাজ কৰা উচিত সেই বিষয়ে জনা উচিত। অন্ধবিশ্বাস, উৰা বাতৰি কেনেকৈ ৰোধ কৰিব তাৰ বাবে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। অন্যথা সমাজত শান্তি-সম্প্ৰীতি অটুট ৰখাটো জটিল হৈ পৰিব।

অন্ধবিশ্বাস তথা কুসংস্কাৰৰ নিৰ্মূলৰ বাবে সুদীৰ্ঘকাল সংগ্ৰাম কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ সচিব প্ৰধান দিব্যজ্যোতি শইকীয়াই শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যতে অন্ধবিশ্বাস, উৰা বাতৰি, কুসংস্কাৰ তথা এন আৰ চিকলৈ চলা অপপ্ৰচাৰ সম্পৰ্কত জন সচেতনতা সৃষ্টিৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে।

শনিবাৰে গেটলুঙৰ সভাখনত মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুছাৰফ হুছেইন, গাঁওৰক্ষী বাহিনীৰ বিষয়াববীয়াকে ধৰি বহুকেইজন সমাজ সচেতন ব্যক্তিৰ উপস্থিতিত শইকীয়াই বিশেষকৈ এন আৰ চিৰ নামত এচাম লোকে অশান্তিৰ সৃষ্টি কৰিবলৈ অপচেষ্টা কৰাৰ বিষয়ত ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

‘’আইন হাতত তুলি লোৱাটো এটা অপৰাধ। সমাজত শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ সকলোৱে সহযোগ কৰা উচিত। এন আৰ চি প্ৰকাশৰ সময়ত সকলোৱে সংযম ৰক্ষা কৰক। কিয়নো কোনো ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ প্ৰশ্ন নাই। কিবা কাৰণত খচৰাত কাৰোবাৰ নাম বাদ পৰিলেও পৰৱৰ্তী পৰ্যায়ত আবেদন কৰি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব,’’-শইকীয়াই কয়।