NORTHEAST NOW (Assamese)
অসম

শিমলুআটিৰ বৃদ্ধৰ মৃতদেহ ৰহস্যজনকভাৱে দগাঁৱত উদ্ধাৰ : হত্যাৰ সন্দেহ পৰিয়ালৰ

Posted by: মিণ্টু দাস July 30, 2018 11:41 am
murder nagaon.docx photo

নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ  অন্তৰ্গত শিমলুআটি গাঁৱৰ এজন বৃদ্ধৰ মৃতদেহ দেওবাৰে ৰহস্যজনকভাবে উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী মতে,শিমলুআটি গাঁৱৰ প্ৰয়াত আব্দুল গফুৰৰ পুত্ৰ জয়নাল আৱেদিন (৭০ বছৰ) যোৱা বৃহস্পতিবাৰে ঘৰৰ পৰা তবলীগী জামাতত লগৰীয়াৰ লগত দগাঁৱৰ নিকটৱৰ্তী কান্ধুলীমাৰী জামে মছজিদলৈ বুলি গৈছিল।

যোৱা শুকুৰবাৰে পুৱা প্ৰায় ৯ মান বজাৰ পৰাই জয়নাল সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে উক্ত দিনাৰ পৰাই বিভিন্ন  ঠাই, আত্মীয়-স্বজনৰ ঘৰত বিচাৰিছিল যদিও দেওবাৰে দিনৰ প্ৰায় ১২:৩০ মান বজাত ৰহস্যজনকভাৱে জয়নালৰ মৃতদেহ দগাঁৱৰ নিকটৱৰ্তী চামধৰা ৰে’ল লাইনৰ কাষত উদ্ধাৰ হয়।

ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে পৰিয়ালৰ অভিযোগ যে জয়নাল আৱদিন মানসিক ৰোগত ভুগি আছিল।

অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে প্ৰকৃত ৰহস্য উদঘাটন হ’ব। উক্ত ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি কৰিছে।