NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ অৱস্থান ধৰ্মঘট

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক January 8, 2020 5:35 pm

তামুলপুৰ আঞ্চলিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আজি চিটুৰ আহ্বানত তামুলপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ তেওঁলোকৰ ১৩ দফীয়া দাবীৰ সমৰ্থনত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

তামুলপুৰ আঞ্চলিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সদস্যসকলে ধৰ্মঘট থলীত ‘তামুলপুৰত স্থায়ী চিডিপিঅ’ নিযুক্তি দিয়ক, মাননিৰ সলনি আমাক মজুৰি দিয়ক, শীঘ্ৰে বকেয়া ধন আদায় দিয়ক, কেন্দ্ৰৰ খাদ্য নিয়মীয়া কৰক, এনজিঅ’ আঁচনি বন্ধ কৰক, ৰান্ধনী ঘৰ আৰু কেন্দ্ৰবোৰ বিজ্ঞান সন্মত কৰক, অংগনৱাডী কৰ্মী আৰু সহায়িকাৰ পেঞ্চনৰ ব্যৱস্থা কৰক, অংগনৱাড়ী কেন্দ্ৰৰ খেলনাবোৰ উন্নত মানৰ কৰক’ আদি শ্ল’গান দি কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে।

তামুলপুৰ আঞ্চলিক অংগনৱাডী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী মেৰী বসুমতাৰী আৰু সম্পাদিকা নিলীমা ডেকাই জানিবলৈ দিয়া মতে চিটুৰ আহ্বানত আৰু সন্থাৰ তেৰদফীয়া দাবী চনদৰ ভিত্তিত তেওঁলোকে এই অৱস্থান ধৰ্মঘট পালন কৰি চৰকাৰক সকীয়াই দিব বিচাৰিছে যাতে শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ কাৰ্যকৰী কৰে।

অন্যথা ইয়াতকৈ অধিক জোৰদাৰ আন্দোলন গঢ়ি তোলা হ’ব বুলিও তেওঁ কয়। আজিৰ ধৰ্মঘটস্থলীত তামুলপুৰ আঞ্চলিকৰ কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী সম্পাদিকা প্ৰমুখ্যে সন্থাৰ প্ৰায়বোৰ সদস্যা উপস্থিত থাকে।