NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীত মাজনিশা লোমহৰ্ষক হত্যাকাণ্ড; প্ৰাণ গ’ল ৭২ বছৰীয়া এগৰাকী লোকৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 8, 2020 6:06 pm
Guwahati Murder story

গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত মঙলবাৰে নিশা সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ মহানগৰীক জোকাৰি গৈছে।

দিশপুৰৰ আইন মহাবিদ্যালয় পথৰ ২০ নং ঘৰত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডটোৰ চিকাৰ হয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অৱসৰপ্ৰাপ্ত অভিযন্তা পৰেশ চন্দ্ৰ বৰুৱা।

মহানগৰ আৰক্ষীয়ে ডকাইতে নিশা বৰুৱাৰ ঘৰত প্ৰৱেশ কৰি হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অৱসৰপ্ৰাপ্ত অভিযন্তা পৰেশ চন্দ্ৰ বৰুৱাৰ ঘৰত মঙলবাৰে নিশা প্ৰায় ৯ বজাত ডকাইত দল প্ৰবেশ কৰিছিল বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মঙলবাৰে নিশা ৯ মান বজাত পৰেশ চন্দ্ৰ বৰুৱাৰ ঘৰত ডকাইতৰ দলটোৱে প্ৰৱেশ কৰিছিল আৰু সেই সময়ত বৰুৱা ঘৰত অকলশৰে আছিল।

মঙলবাৰে নিশা সংঘটিত হোৱা হত্যাকাণ্ডৰ তদন্তৰ বুজ লোৱাৰ বাবে বুধবাৰে ৰাতিপুৱাই আৰক্ষী সঞ্চালক ভাস্কৰ জ্যোতি মহন্ত, মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এটা শীৰ্ষ পৰ্য্যায়ৰ আৰক্ষীৰ দল মৃত বৰুৱাৰ বাসগৃহত উপস্থিত হয়।

আনহাতে, বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হোৱা বৰুৱাৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল।

বৰুৱাৰ পত্নী বিশিষ্ট চিকিৎসক ডা০ গৰিমা শইকীয়া বৰুৱাই প্ৰথমে বৰুৱাৰ মৃতদেহটো প্ৰত্যক্ষ কৰিছিল আৰু আৰক্ষীক খবৰ দিছিল।

৭২ বছৰ বয়সত ডকাইতৰ আক্ৰমণত মৃত্যুক আকোৱালি লোৱা বৰুৱাৰ দুই গৰাকী সন্তান কৰ্ম সূত্ৰে বিদেশত থাকে।