NORTHEAST NOW (Assamese)
অসম

ছেবাৰ প্ৰথম মহিলা সচিবৰ ৰূপত প্ৰশাসনিক বিষয়া সুৰঞ্জনা সেনাপতি

Posted by: এন ই নাও নিউজ August 1, 2018 6:33 pm
seba assam

অসম প্ৰশাসনিক সেৱাৰ বিষয়া  সুৰঞ্জনা সেনাপতিয়ে আজি ১ আগষ্টত ছেবাৰ নতুন সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে।

সুৰঞ্জনা সেনাপতি ছেবাৰ প্ৰথমগৰাকী মহিলা সচিব।

ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰে সেনাপতিক।

উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে যোৱা ২৬ মে’ত সেনাপতিক ছেবাৰ নতুন সচিবৰূপে নিযুক্তি দিয়া হৈছিল।

পূৰ্বৰ সচিব প্ৰবীণ শৰ্মাৰ স্থানত এই পদত নিযুক্তি দিয়া হৈছে সেনাপতিক।

পূৰ্বে ছেবাৰ বিশেষ বিষয়াৰ দায়িত্বৰ লগতে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপেও সেনাপতি কৰ্মৰত আছিল।