NORTHEAST NOW (Assamese)
উত্তৰ-পূব

অনুপ্ৰৱেশকাৰীৰ পৰা সতৰ্ক থাকক : পূব জয়ন্তীয়া পাহাৰ জিলাৰ উপায়ুক্তৰ ৰাইজলৈ আহ্বান

Posted by: এন ই নাও নিউজ August 2, 2018 7:24 pm
KSU-Infeltration-Check-Point-Jaintia-570x320

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পাছত মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ উপায়ুক্তই জিলাখনৰ ৰাইজক সতৰ্ক থাকিবলৈ  আহ্বান জনাইছে।

আজি প্ৰকাশিত এটা বিবৃতিত জিলা উপায়ুক্তই কৈছে যে পূব জয়ন্তীয়া পাহাৰ জিলাত যাতে কোনো পধ্যেই অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ৰাইজ সদা সতৰ্ক হৈ থাকিব লাগিব।

কোনো সন্দেহজনক লোকক জিলাখনত দেখা পালে অতি শীঘ্ৰেই সেয়া আৰক্ষীক জনাবলৈ জিলা উপায়ুক্তগৰাকীয়ে ৰাইজলৈ গোহাৰি জনাইছে।

জিলা উপায়ুক্তগৰাকীয়ে জিলাখনত শান্তি বজাই ৰখাত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে খাছি ছাত্ৰ সন্থাই ৰাতাচেৰাত তালাচী চকী স্থাপন কৰি অসমৰ পৰা মেঘালয়ত প্ৰৱেশ কৰা ১০০০ৰো অধিক কোনো নথিপত্ৰহীন ব্যক্তিক চিনাক্ত কৰি উলিওৱাৰ পাছত জিলা প্ৰশাসনৰ তৰফৰ পৰা এই সতৰ্কবাণী জাৰী কৰা হয়।