NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ আতংক; জাপানী প্ৰধানমন্ত্ৰীৰ ঘোষণা, স্থগিত হ’ব পাৰে ২০২০ টকিঅ’ অলিম্পিক!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 23, 2020 2:10 pm
Shinzo-Abe-1-696x364

স্থগিত হ’ব নি ২০২০ টকিঅ’ অলিম্পিক ক্ৰীড়া সমাৰোহ!

প্ৰথমবাৰলৈ এই সন্দৰ্ভত মুখ খুলিছে জাপানৰ প্ৰধানমন্ত্ৰী চিনজ’ এবেই।

প্ৰধানমন্ত্ৰী চিনজ’ই কয় যে ২০২০ টকিঅ’ অলিম্পিক ক্ৰীড়া নিৰ্ধাৰিত সূচীমতে অনুষ্ঠিত নহ’বও পাৰে!

২৩ মাৰ্চত জাপানৰ সংসদত জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় বিশ্বব্যাপী ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে ২০২০ টকিঅ’ অলিম্পিক স্থগিত ৰখা হ’ব পাৰে।

আন্তজাৰ্তিক অলিম্পিক কমিটি(IOC)ৰ সভাপতি থ’মাছ বাচে যোৱা ২৩ মাৰ্চত IOCৰ অন্তৰ্গত বিশ্বৰ বিভিন্ন ক্ৰীড়া সংস্থা আৰু এথলিটৰ পৰা ২০২০ টকিঅ’ অলিম্পিক স্থগিত ৰখাৰ বাবে হেঁচা পৰা কথা প্ৰকাশ কৰা পিছত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

জাপানৰ প্ৰধানমন্ত্ৰীৰ এই মন্তব্যই যথেষ্ট তাপৰ্য বহন কৰিছে।

কানাডাৰ অলিম্পিক কমিটিয়ে ইতিমধ্যে দেশখনৰ অলিম্পিক দলটোক ২০২০ টকিঅ’ অলিম্পিক ক্ৰীড়ালৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি IOCক জনাইছে।

লগতে পঢ়ক  ক’ৰ’না ভাইৰাছৰ আতংক; অদৃষ্টৰ হাতত দুলি থাকিব নেকি ২০২০ টকিঅ’ অলিম্পিক!

ইফালে অষ্ট্ৰেলিয়াৰ অলিম্পিক কমিটিৰ অধ্যক্ষ ইয়ান চেষ্টমেনে কৈছে ‘জুলাই মাহত অলিম্পিক অনুষ্ঠিত নোহোৱাটো নিশ্চিত।’

জাপানৰ অলিম্পিক আয়োজক কমিটিয়ে নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ মাজতে IOCৰ বিভিন্ন ক্ৰীড়া কমিটি তথা ক্ৰীড়াবিদসকলে আয়োজকক কমিটিক ২০২০ টকিঅ’ অলিম্পিক ক্ৰীড়া স্থগিত কৰিবলৈ হেঁচা প্ৰদান কৰিছে।