NORTHEAST NOW (Assamese)
অসম

কেৰালাৰ পৰা উভতি অহা চাৰিগৰাকী যুৱকক লৈ টীয়কত আতংক; গোপনে হাত নাৱেৰে যাব বিচাৰিছিল গাঁৱলৈ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক March 23, 2020 4:25 pm
youth return from Kerala

কৰ’না ভাইৰাছতে সমগ্ৰ দেশৰ লগতে অসমতো আতংকময় পৰিবেশৰ সৃষ্টি কৰি থকাৰ সময়ত বহিঃৰাজ্য  কেৰালাৰ পৰা উভতি অহা চাৰিগৰাকী যুৱকক লৈ যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত আতংকৰ সৃষ্টি হৈছে।

যোৰহাট জিলাৰ মৰিয়নী ৰে’ল ষ্টেশ্যনত নিশা ৰে’লৰ পৰা নামি সুদীৰ্ঘ প্ৰায় ৩৫ কিলোমিটাৰ পথ খোজকাঢ়ি আহি যুৱক চাৰিজনে আজি ৰাতিপুৱা টীয়কৰ জাঁজীমুখত উপস্থিত হৈছিল।

মাজুলীৰ যুৱক চাৰিজনে কমলাবাৰী-নিমাতি ফেৰী সেৱা বন্ধ হৈ থকাত জাঁজীমুখেদি হাত নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হবলৈ আহিছিল।

যুৱক চাৰিজন এনে কাণ্ড কাৰখানা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষী আৰু প্ৰশাসনক খৱৰ দিয়াত তেওঁলোকক টীয়ক ৰাজহ চক্ৰৰ বিষয়া(সংলগ্ন) জয় প্ৰকাশ মহন্ত, পৌৰপতি ৰফিক উজ জামানৰ তৎপৰতাত এফ আৰ য়ুলৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।

প্ৰাথমিক পৰীক্ষাত যুৱক কেইজনৰ দেহত সন্দেহ জনক কোনো লক্ষণ দেখা নোপোৱাত তেওঁলোকক প্ৰশাসনে আত্মীয়ৰ সহযোগত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়ে।

যুৱক চাৰিগৰাকীক অনাগত ১৪ টা দিন চিকিৎসকৰ পৰামৰ্শ মতে ঘৰতে আছুতীয়াকৈ থাকিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে।