NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল গোটৰ কামাণ্ডোৰ সৈতে সংঘৰ্ষত এনডিএফবি সদস্য নিহত

Posted by: এন ই নাও নিউজ August 3, 2018 8:48 pm
Capture

আজি পুৱা প্ৰায় ৬-০০ বজাত এনডিএফবি আৰু গাৰো উগ্ৰপন্থীৰ এটা সন্মিলিত গোট আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত এজন উগ্ৰপন্থী সদস্য নিহত হয়। উগ্ৰপন্থী সদস্যকেইজনে উইলিয়াম নগৰৰ অন্তৰ্গত তাৰাছিন গাঁৱত আশ্ৰয় লৈ থকাৰ বাৰ্তা লাভ কৰি আৰক্ষীৰ ‘বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ (Special Weapons and Tactics) গোটৰ কামাণ্ডোই গাঁৱখনত অভিযান চলায়।

সূত্ৰৰ পৰা জানিব পৰা মতে এই গোটটোত প্ৰায় ১০ জন সদস্য আছিল আৰু মেঘালয়ৰ পুব গাৰো পাহাৰ জিলাৰ উইলিয়াম নগৰৰ অন্তৰ্গত তাৰাছিন গাঁৱত আশ্ৰয় লৈ আছিল।  এছল্ট ৰাইফল আৰু পিষ্টলেৰে সুসজ্জিত উগ্ৰপন্থী সদস্য সদস্য কেইজনে আৰক্ষী বাহিনীৰ গোটটোৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

অতি কম সময়ৰ বাবে চলা এই সংঘৰ্ষত ভালেকেইজন উগ্ৰপন্থী সদস্য পলাই যাবলৈ সক্ষম হয় যদিও এজনৰ ঘটনাস্থলীত মৃত্যু হয়।  মৃত উগ্ৰপন্থী সদস্যজনক এনডিএফবিৰ কোমা বড়ো বুলি চিনাক্ত কৰা হৈছে।

নিহত এনডিএফবি সদস্যজনৰ পৰা এটা একে শ্ৰেণীৰ ৰাইফলআৰু এটা মেগাজিন উদ্ধাৰ কৰা হয়। এই সংঘৰ্ষৰ স্থানত আৰু ভালেমান তেজ পৰি যোৱাৰ চিন লক্ষ্য কৰি আৰু ৩ ৰ পৰা ৪ জন উগ্ৰপন্থী সদস্য আহত হোৱা বুলি সন্দেহ কৰা হৈছে।

মৃত উগ্ৰপন্থীজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনাৰ সৈতে জড়িত এটা গোচৰ পঞ্জীয়ণভুক্ত কৰা হৈছে।